অসম

assam

নাহৰকটীয়াত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি তুংগত

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 2:41 PM IST

Foundation Day of AJP: অসম জাতীয় পৰিষদে তিনিটা বৰ্ষ অতিক্ৰম কৰিলে । ইয়াৰ সৈতে সংগতি ৰাখি এদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ।

Press Meet of AJP in Naharkatia
নাহৰকটীয়াত অসম জাতীয় পৰিষদৰ সংবাদমেল

নাহৰকটীয়াত অসম জাতীয় পৰিষদৰ সংবাদমেল

মৰাণ, ১৫ ডিচেম্বৰ: 'কা' আন্দোলনৰ পাছতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও কা বিৰোধী জাতীয় সংগঠনৰ পৃষ্ঠপোষকতাত জন্ম লাভ কৰিছিল অসম জাতীয় পৰিষদে । অসম জাতীয় পৰিষদে তিনিটা বৰ্ষ অতিক্ৰম কৰা উপলক্ষে তৃতীয়টো প্ৰতিষ্ঠা দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলিছে । অসম জাতীয় পৰিষদৰ তৃতীয় বাৰ্ষিক 'কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অহা ১৭ ডিচেম্বৰত নাহৰকটীয়া সমষ্টিৰ জামুগুৰিত অনুষ্ঠিত হ'ব । বৃহস্পতিবাৰে এক সংবাদমেলযোগে এদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সম্পৰ্কে ব্য়াখ্য়া কৰে আয়োজক সমিতিয়ে ।

এই উদ্দেশ্য জামুগুৰি ৰাজহুৱা খেলপথাৰত প্ৰস্তুতি তুংগত উঠিছে । অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত, নাহৰকটীয়া সমষ্টি সমিতিৰ সহযোগত তথা দীঘলীয়া পঞ্চায়ত সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ সকলো কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকিব। কালি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে উদযাপন স্থলীতে সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰিলে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে। ইয়াৰ সৈতে সংগতি ৰাখি কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নাম চৰ্চাত থকা সময়তে অসম জাতীয় পৰিষদৰ তৃতীয় প্ৰতিষ্ঠা দিৱস ডিব্ৰুগড় জিলাত অনুষ্ঠিত কৰিবলৈ লোৱাটোৱে তাৎপৰ্য বহন কৰিছে । এদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সকলো দল-সংগঠন তথা স্থানীয় ৰাইজৰ সহায় সহযোগিতা কামনা কৰে আয়োজক সমিতিয়ে ।

লগতে পঢ়ক:পৰকীয়া প্ৰেমৰ পৰিণতি: প্ৰেমিকক নাপাই বিহপান কৰি আত্মহত্যা মহিলাৰ !

ABOUT THE AUTHOR

...view details