মৰাণ,১ নৱেম্বৰ : অসম চিকিৎসা মহাবিদ্যালয়ে উদযাপন কৰিছে মহা ৰজত জয়ন্তী (Assam Medical College celebrates Platinum Jubilee)। মহাৰজত জয়ন্তী উপলক্ষে বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । মহাৰজত জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী চলি থকাৰ মাজতে মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰই ল'লে আদৰণীয় পদক্ষেপ ।
গুৱাহাটীৰ পৰা চাইকেল চলাই ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় প্ৰাক্তন ছাত্ৰ তথা চিকিৎসকগৰাকী (Former student arrives at AMC on bicycle)। গুৱাহাটীৰ পৰা চাইকেল চলাই গৈ মহাবিদ্যালয়খনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাক্তন ছাত্ৰগৰাকীয়ে । মহাবিদ্যালয়খনৰ ১৯৮১ বৰ্ষৰ ছাত্ৰ আছিল এনাষ্টেচিয়া বিভাগৰ চিকিৎসক ডাঃ কৃষ্ণ আচাৰ্য্য ।
খেলৰ প্ৰতি থকা হেঁপাহ আৰু নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ চাইক্লিং কৰি ভালপোৱা ডাঃ কৃষ্ণ আচাৰ্য্যই যোৱা ২৮ অক্টোবৰত গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল । ৪ দিনৰ যাত্ৰাৰ অন্তত মঙলবাৰে পুৱাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক হৈ পৰে ডাঃ কৃষ্ণ আচাৰ্য্য । প্ৰাক্তন ছাত্ৰ ডাঃ কৃষ্ণ আচাৰ্য্য অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পাছতেই তেওঁ আদৰণি জনাই মহাৰজত জয়ন্তী উদযাপন সমিতিৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসকসকলে ।