মৰাণ, ৪ ছেপ্টেম্বৰ :অসম চৰকাৰৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰাপক, সাহিত্যিক পেন্সন প্ৰাপ্ত বিশিষ্ট লেখিকা, শিক্ষাবিদ তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড৹ সুখ বৰুৱা আৰু নাই । বৃহত্তৰ মৰাণ অঞ্চলৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া, ১৯৯২ চনত স্থাপিত মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ড৹ সুখ বৰুৱাৰ দেওবাৰে মৰাণ ঊষাপুৰস্থিত নিজা বাসগৃহত বাৰ্দ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ ।
১৯৪৬ চনৰ ৩১ ডিচেম্বৰত শিৱসাগৰ জিলাৰ বেতবাৰীত জন্মগ্ৰহণ কৰিছিল ড৹ সুখ বৰুৱাই ৷ ১৯৬৮ চনত তেওঁ বেতবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল ৷ ১৯৭৩ চনত মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সহঃ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰা সুখ বৰুৱাই ১৯৯২ চনত মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা হিচাপে যোগদান কৰে ৷
২০১৩ বৰ্ষলৈকে শিক্ষানুষ্ঠানখনৰ দায়িত্বত থকা সুখ বৰুৱা মৰাণ অঞ্চলৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল ৷ একেদৰে ২০১৪ চনৰ পৰা ২০১৬ চনলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰীৰ দায়িত্বত আছিল সুখ বৰুৱা ৷ লগতে তেওঁ অসম সাহিত্য সভা, সদৌ অসম মহিলা কবি মঞ্চ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, মৰাণ আঞ্চলিক মহিলা মঞ্চ আদিৰ সৈতেও জড়িত আছিল ৷