শিৱসাগৰ, 7 এপ্ৰিল :বুধবাৰে শিৱসাগৰ পৰিভ্ৰমণৰ বাবে নগৰখনত উপস্থিত হয় প্ৰাক্তন সাংসদ ৰমেন ডেকা(Former MP Ramen Deka visited Sivsagar) ৷ প্ৰাক্তন সাংসদগৰাকী সম্প্ৰতি অসম চৰকাৰৰ ষ্টেট ইন’ভেচন এণ্ড ট্ৰেন্সফৰ্মেচন আয়োগ চমুকৈ SITA ৰ সহ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷
বুধবাৰে জিলাখনৰ ঐতিহাসিক স্থানসমূহ যেনে- শিৱদৌল, ঘনশ্যাম দৌল, যমুনা, বৰপুখুৰী আদিকে ধৰি বহু পৰ্যটকৰ সমল থকা স্থান পৰিদৰ্শন কৰে প্ৰাক্তন সাংসদ(Former MP Ramen Deka visited historical places in Sivsagar) গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত প্ৰাক্তন সাংসদগৰাকীয়ে এই সন্দৰ্ভত একপ্ৰকাৰ অসন্তুষ্টি ব্যক্ত কৰে ৷
লগতে তেওঁ ঐতিহাসিক কীৰ্তিচিহ্ন আৰু সমলৰ অনেক ভূমি বেদখল(Historical places of Sivsagar under the control of encroachers) হোৱাৰ কথা স্বীকাৰ কৰে ৷ ঐতিহাসিক স্থানসমূহ বেদখলমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে পৰ্যায়ক্ৰমে আলোচনাত মিলিত হোৱাৰ কথাও সদৰি কৰে 8 নং মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই ৷