অসম

assam

By

Published : Jan 30, 2023, 1:14 PM IST

ETV Bharat / state

Assam CM Remarks on Motherhood: মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডাৰ

মুখ্যমন্ত্ৰীয়ে বিবাহৰ সময় আৰু সন্তান জন্মৰ ওপৰত কৰা মন্তব্যক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডাৰ ৷ ল'ৰা-ছোৱালীক ধুমাধুম বিয়া পাতিবলৈ লগাই দি মুখ্যমন্ত্ৰীয়ে জনসংখ্যা বঢ়োৱাৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে (Atuwa Munda criticized CM) ৷

Ex Minister Atuwa Munda criticized CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰীক সমালোচনা এতুৱা মুণ্ডাৰ

মুখ্যমন্ত্ৰীক সমালোচনা এতুৱা মুণ্ডাৰ

ডিব্ৰুগড়, 30 জানুৱাৰী: মুখ্যমন্ত্ৰীয়ে বিবাহৰ সময় আৰু সন্তান জন্মৰ ওপৰত কৰা মন্তব্যক লৈ শেহতীয়াকৈ ৰাজ্যজুৰী সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Assam CM Remarks on Motherhood) ৷ বিশেষকৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ তীব্ৰ সমালোচনা কৰিছে প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডাই (Atua Munda criticized Assam CM remarks on marriage and childbirth)।

ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ হালমাৰী চাহ বাগিচাত আয়োজিত এখন ফুটবল খেলত উপস্থিত থাকি মুখ্যমন্ত্ৰীক উভতি ধৰে কংগ্ৰেছৰ প্ৰাক্তন কেবিনেট মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, আজমল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । দুয়োজনে একে ধৰণৰ মন্তব্য কৰে । প্ৰাপ্তবয়স্ক ল’ৰা বা ছোৱালী এগৰাকীয়ে কেতিয়া বিয়াত বহিব আৰু কেতিয়া সন্তান জন্ম দিব সেয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত বুলি উল্লেখ কৰি এই বিলাকত মুখ্যমন্ত্ৰীক গুৰুত্ব নিদিবলৈ আহ্বান জনায় তেওঁ ।

মুণ্ডাই কয় যে, ল’ৰা-ছোৱালীক খৰধৰকৈ বিয়া পাতিবলৈ লগাই দি মুখ্যমন্ত্ৰীয়ে জনসংখ্যা বঢ়োৱাৰ পৰিকল্পনা কৰিছে (Assam CM Himanta Biswa Sarma) । পাৰিলে মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰক আৰু নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত চিন্তা কৰক বুলি প্ৰাক্তন মন্ত্ৰীজনে মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ যি বিয়া পতা আৰু সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰিছিল তাক লৈ একাংশই মুখ্যমন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

আনহাতে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে (এ পি ডি চি এল) অহা ফেব্ৰুৱাৰী মাহৰ পৰা বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰিছে প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডাই । প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে অসম চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে ।

তেওঁ কয়, "বিদ্যুৎ যোগান এতিয়াও নিয়মীয়া হোৱা নাই । দিনটোত ২৪ বাৰ বিদ্যুৎ কাটে । তেনে স্থলত বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ লৈছে । এয়া জনবিৰোধী সিদ্ধান্ত । সাধাৰণ জনতাৰ মূৰত মাধমাৰ মাৰি কেৱল টকা আহৰণৰ বাবে চৰকাৰ আৰু এ পি ডি চি এলে এই সিদ্ধান্ত লৈছে ৷" এনেদৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

উল্লেখ্য যে কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিয়া আৰু সন্তান জন্মক লৈ কৈছিল, ‘‘যিসকলে এতিয়াও বিয়া পতা নাই সোনকালে বিয়া পাতক । ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত জন্ম দিয়ক সন্তান (Assam CM remarks on marriage and childbirth) । ৩৫ বছৰৰ পাছত সন্তান জন্ম দিলে কেতিয়াবা অসুবিধাত পৰিবলগীয়া হয় ।’’ ইয়াৰ পিছতেই ৰাজ্যজুৰী সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক:CM Himanta Biswa Sarma: যিসকলে বিয়া কৰোৱা নাই সোনকালে কৰি লওক : মুখ্যমন্ত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details