মৰাণ, 10 মে’ :ৰাজ্যৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ এবছৰ সম্পূৰ্ণ হ’ল ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ ৷ যাৰবাবে মঙলবাৰে ৰাজ্য চৰকাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে বৰ্ষপুৰ্তি(First anniversary of BJP government) ৰ অনুষ্ঠান ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিছে চৰকাৰৰ এবছৰীয়া বৰ্ষপুৰ্তিত ৷
তাৰ বিপৰীতে প্ৰাক্তন বনমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা এতোৱা মুণ্ডা(Former minister Atua munda criticize BJP government) ই এই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টিৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ মুণ্ডাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি কয় যে, ৰাজ্য চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈহে বৰ্ষপুৰ্তি অনুষ্ঠানৰ আয়োজন কৰিছে ৷