ডিব্ৰুগড়, 13 ফেব্ৰুৱাৰী :গোলকীয় উষ্ণতা বৃদ্ধিয়ে সমগ্ৰ বিশ্বৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱাৰ সময়তে ৰাজ্যত চলিছে অবাধ হাৰত বন ধ্বংসৰ প্ৰতিযোগিতা (Global warming) ৷ যি সময়ত বিভিন্ন দল-সংগঠনৰ লগতে গ্ৰেটা থুনবাৰ্গ, যাদৱ পায়েঙৰ দৰে (Greta Thunberg) ব্যক্তিয়ে পৰিৱেশ ৰক্ষাৰ প্ৰতি দায়বদ্ধ হ’বলৈ বিশ্ব সম্প্ৰদায়ৰ প্ৰতি আহ্বান জনাইছে তেনে সময়তে অৱশ্যে বিনা দ্বিধাই এনে আহ্বানৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে ৷ সদৃশ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আমাৰ ৰাজ্যটো ৷
পৰিৱেশলৈ নিত্য নতুন ভাবুকি আহি থকাৰ সময়তে ৰাজ্য চৰকাৰৰ পৰিৱেশ ৰক্ষাৰ প্ৰতি দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ নিৰ্বিকাৰ ভূমিকা ৷ ৰাজ্যত চৰকাৰী পৃষ্ঠপোষকতাতে চলিছে এই অবাধ বন ধ্বংস কাৰ্য ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ পথালিবামত অৱস্থিত পানীতোলা গ্ৰেজিঙত অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত চৰকাৰী উদ্যোগত বন ধ্বংস কৰা কাৰ্যক লৈ দেওবাৰে অঞ্চলটোৰ সচেতন ৰাইজ তথা প্ৰকৃতিপ্ৰেমীয়ে প্ৰকাশ কৰে ক্ষোভ (Mission Amrit Sarovar in Assam)।
পানীতোলা গ্ৰেজিঙৰ সংৰক্ষিত চৰকাৰী ভূমিত অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত বৃহৎ বৃহৎ গছ কাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । তদুপৰি স্থানীয় গাঁওবুঢ়া আৰু একাংশ ঠিকাদাৰৰূপী বিজেপি নেতা-পালিনেতাই চৰকাৰী আঁচনিৰ গইনা লৈ গ্ৰেজিঙৰ গছ আৰু মাটি খনন কৰি বিক্ৰী কৰাত খেদ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে ৷ দেওবাৰে উক্ত অঞ্চলত খনন চলি থকা অৱস্থাতে ৰাইজ উপস্থিত হৈ গছ কটাত বাধা প্ৰদান কৰে । ইয়াকে লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।