অসম

assam

আমি ধৰিত্ৰী বচাব নোৱাৰিলে দেশ বচাই লাভ নাইঃ যাদৱ পায়েং

By

Published : Jan 20, 2020, 11:40 AM IST

"পৰিৱেশ সংৰক্ষণত ছাত্ৰ-ছাত্ৰীৰ সজাগতা বৃদ্ধিত সমাজৰ কৰ্তব্য "শীৰ্ষক মুখামুখি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক আন্দোলনমুখী হোৱাতকৈ অধ্যয়নমুখী আৰু কৰ্মমুখী হ'বলৈ পৰামৰ্শ প্ৰদান কৰে ৷

ডিব্ৰুগড়ৰ খোৱাঙত যাদৱ পায়েং
ডিব্ৰুগড়ৰ খোৱাঙত যাদৱ পায়েং

মৰাণ,২০ জানুৱাৰীঃ "পৃথিৱীৰ সকলো প্ৰাণীৰ ভিতৰত মানুহেই এক ভয়ানক প্ৰাণী,যিয়ে সৃষ্টিতকৈ ধ্বংস বেছি কৰে। ধৰিত্ৰী বচাব নোৱাৰিলে আমি দেশ বচাই লাভ নাই । কথাটো সকলোৱে বুজা উচিত ।" এই মন্তব্য অৰণ্য মানৱ যাদৱ পায়েঙৰ । মৰাণস্থিত খোৱাঙৰ আলোকশিখা ফাউণ্ডেশ্যনৰ উদ্যোগত দেওবাৰে খোৱাং চাৰিআলিৰ আলোকশিখা ফাউণ্ডেশ্যনৰ সাংস্কৃতিক গৃহত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক পাৰিপাৰ্শ্বিক সজাগতাৰ জ্ঞান দিয়ে অৰণ্য মানৱজনে ৷

ডিব্ৰুগড়ৰ খোৱাঙত যাদৱ পায়েং

"পৰিৱেশ সংৰক্ষণত ছাত্ৰ-ছাত্ৰীৰ সজাগতা বৃদ্ধিত সমাজৰ কৰ্তব্য " শীৰ্ষক মুখামুখি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক আন্দোলনমুখী হোৱাতকৈ অধ্যয়নমুখী আৰু কৰ্মমুখী হ'বলৈ পৰামৰ্শ প্ৰদান কৰে ৷ শিক্ষক তথা সমাজ সেৱক ফণী বৰগোঁ‌হাই আৰু কমল লাচিতে আঁ‌তধৰা মুখামুখি অনুষ্ঠানটোত পায়েঙে অৰণ্য তথা জীৱ-জন্তুৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'ল তাৰ এক বহল ব্যাখ্যা আগবঢ়ায় ৷

উল্লেখ্য যে,অনাতাঁ‌ৰ শিল্পী হেমকান্ত গগৈৰ টোকাৰী গীতেৰে আৰম্ভ কৰা এই অনুষ্ঠানত শিক্ষক তথা সমাজ সেৱক গকুল খাউণ্ড উপস্থিত থাকি পৰিৱেশ আৰু গছ গছনি ৰোপণ সন্দৰ্ভত মন্তব্য আগবঢ়াই। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বিজ্ঞানীক জিতুৰঞ্জন চেতিয়া,ডিব্ৰুগড় বি চি পি এলৰ বিজ্ঞানী ড° প্ৰাঞ্জল বেজবৰুৱা, শিক্ষক তথা সমাজকৰ্মী হেৰম্ব কুমাৰ গগৈকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়কঃ ধুবুৰীৰ চৰ অঞ্চলত কা' বিৰোধী প্ৰতিবাদ

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ,ৰচনা আৰু বিজ্ঞান আৰ্হি প্ৰতিযোগিতা শাখা ভিত্তিত অনুষ্ঠিত হয়। আনহাতে এই অনুষ্ঠানতে বিশেষভাৱে পিছ পৰা তিনিগৰাকী দৰিদ্ৰ আৰু ৰোগীয়া লোকলৈ আলোকশিখা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰে। এক মহৎ উদ্দেশ্য লৈ আৰম্ভ কৰা এই আলোকশিখা ফাউণ্ডেশ্যনে অনাগত দিনতো এই যাত্ৰা অব্যাহত ৰাখিব বুলি সভাপতি লিখক লাহন আৰু সম্পাদক থানোৰাম বৰাই সাংবাদিকক জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details