ডিব্ৰুগড়, ১৪ ডিচেম্বৰ :ডিব্ৰুগড় জিলাত সোমবাৰে শুভাৰম্ভ কৰিলে ছেৰ'লজিকেল চাৰ্ভে ৷ ক'ভিড পৰিস্থিতিত ডিব্ৰুগড় জিলাত সমাজৰ বিভিন্ন স্তৰৰ লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ SARS CoV2 এণ্টিবডীৰ উপস্থিতি নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলাত জিলা প্ৰশাসনৰ উদ্যোগত ছেৰ'লজিকেল চাৰ্ভেৰ শুভাৰম্ভ কৰা হয় ৷
উল্লেখ্য যে অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনত এই ছেৰ'লজিকেল চাৰ্ভে কৰিবলৈ আগবাঢ়িছে । এই চাৰ্ভে সম্পাদন কৰিব ডিব্ৰুগড় জিলাৰ লাহোৱালস্থিত আই চি এম আৰ- আৰ এম আৰ চি, ডিব্ৰুগড়ে আৰু ছাৰ্ভে সম্পাদনত তেওঁলোকক সহায় কৰিব ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৷
অসমত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলাত ছেৰ'লজিকেল চাৰ্ভে সোমবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই বন্তি প্ৰজ্বলনৰে এই চাৰ্ভেৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে ৰাজীৱ থাপা, ডিপু কুমাৰ ডেকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, মেডিচিন বিভাগৰ ডাঃ অনুপ দাস, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কৃষ্ণা কেম্প্ৰাই, আই চি এম আৰ-আৰ এম আৰ চিৰ নডেল বিষয়া ডঃ বিশ্বজ্যোতি বৰকাকতি উপস্থিত থাকে ৷
অসমত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলাত ছেৰ'লজিকেল চাৰ্ভে উল্লেখযোগ্য যে এই ছাৰ্ভেৰ অধীনত ডিব্ৰুগড় জিলাৰ চহৰ আৰু গ্ৰামাঞ্চলৰ ৩০ টাকৈ অৰ্থাৎ মুঠ ৬০ টা গোটৰ পৰা ১২০০ টা নমুনা সংগ্ৰহ কৰা হ'ব আৰু অহা বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত এই জৰীপৰ ফলাফলসমূহ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ গুৱাহাটীস্থ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ'ব ৷
লগতে পঢ়ক :বৰপেটাত টিটেনাচ-ডিফথেৰিয়া টীকাকৰণ অভিযান আৰম্ভ