মৰাণ, 6 মে’: ৰাষ্ট্ৰীয় ফুটবলাৰ চাবুৱাৰ অনিমেশ গোঁহাই সুস্থ হোৱাৰ দিশত ৷ উল্লেখ্য যে, 2016চনত 14 বছৰ অনুৰ্ধৰ ভাৰতীয় দলৰ হৈ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত দেশৰ তলা বন্ধৰ সময়ত স্থানীয় খেলুৱৈ সকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা সময়ত পিছল খাই সোঁ ভৰিত আঘাত প্ৰাপ্ত হৈছিল উদীয়মান খেলুৱৈ অনিমেশ গোঁহাই ৷
চাবুৱাৰ পুলুঙা গাঁৱৰ নিবাসী খেতিয়ক মনোজ গগৈৰ সন্তান অনিমেশে ধনৰ অভাৱত বহু দিন ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছিল ၊ এই খবৰ অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীয়ে সবিস্তাৰে প্ৰকাশ কৰাত শুভাকাংশী ৰাইজ তথা দল সংগঠনৰ সহযোগিতা লাভ কৰে দূৰ্ভগীয়া পৰিয়ালটোৱে ৷ পৰৱৰ্তী সময়ত ৰাজ্যবাসীৰ সহযোগত উদীয়মান খেলুৱৈ অনিমেশ গোঁহাইৰ সফলতাৰে সম্পন্ন হয় অস্ত্ৰোপচাৰ ৷
সুস্থ হোৱাৰ দিশত ৰাষ্ট্ৰীয় ফুটবলাৰ অনিমেশ গোঁহাই বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সফলতাৰে অস্ত্ৰোপচাৰ কৰা সংশ্লিষ্ট চিকিৎসক, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতিকে ধৰি সকলো বিষয়ববীয়া, চাবুৱাৰ নৱ-নিৰ্বাচিত বিধায়ক পোনাকণ বৰুৱা, মটক যুৱ-ছাত্ৰ সন্মিলন, যোৰহাটৰ বিশিষ্ট ক্ৰীড়া সংগঠন ড৹ তপন দত্ত, দুলীয়াজান প্ৰশিক্ষণ কেন্দ্ৰৰ ভৱেন চাংমাই, সমাজ কৰ্মী নিতুল গগৈ, শশীন্দলাল ভূঞা, নিৰেণ ফুকন, বাবুল গোঁহাইলৈ ধন্যবাদ জ্ঞাপন কৰে পৰিয়ালটোৰ হৈ চাবুৱাৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা অনিমেশৰ অভিভাৱক স্বৰূপ দিলীপ বৰাই ၊
অনিমেশক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা বৰাই সকলো সংবাদ মাধ্যমক কৃতজ্ঞতা প্ৰকাশ কৰে ৷ যিহেতু দায়িত্ব সহকাৰে সংবাদসেৱী সকলে সম্ভাৱনাপূৰ্ণ খেলুৱৈ গৰাকীৰ ক্ষেত্ৰত বাতৰি প্ৰেৰণ কৰি সহায়ৰ হাত আগবঢ়াই অনাত সহায় কৰিছিল ၊
লগতে পঢ়ক:জয়ৰ পাচত কেনেধৰণৰ সপোন পূৰণ কৰিব ৰমাকান্ত দেউৰীয়ে?