অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত অনুষ্ঠিত আন্তঃ আঞ্চলিক ফুটবল খেলৰ সামৰণি - সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা

সাংগঠনিক শ্বহীদৰ সোঁৱৰণীত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা আন্তঃ আঞ্চলিক ফুটবল খেলৰ সামৰণি ৷ ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেল পথাৰত অনুষ্ঠিত ফুটবল খেল খনৰ শুকুৰবাৰে সামৰণি পৰে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাত ভিন্ন আঞ্চলিকৰ 15 টা দলৰ অংশ গ্ৰহণ ৷

ডিব্ৰুগড়ত অনুষ্ঠিত আন্তঃ আঞ্চলিক ফুটবল খেলৰ সামৰণি
ডিব্ৰুগড়ত অনুষ্ঠিত আন্তঃ আঞ্চলিক ফুটবল খেলৰ সামৰণি

By

Published : Feb 6, 2021, 9:50 PM IST

মৰাণ, 6 ফেব্ৰুৱাৰী:অসমৰ ভিন্ন প্ৰান্তৰ সুপ্ত প্ৰতিভা সমূহ উলিয়াই অনাৰ উদ্দেশ্যেৰে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেল পথাৰত অনুষ্ঠিত কৰা আন্তঃ আঞ্চলিক ফুটবল খেলৰ শনিবাৰে সামৰণি পৰে ৷ বিগত বৰ্ষ সমূহৰ দৰেই ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেল পথাৰত সাংগঠনিক শ্বহীদ যাদৱ সেনাপতি, দীপক শৰ্মা, ৰুবু শইকীয়া, অনুপ্ৰতিম শইকীয়াৰ সোঁৱৰণীত 3 ফেব্ৰুৱাৰীৰ পৰা আন্তঃ আঞ্চলিক ফুটবল খেল প্ৰতিযোগিতাখন আৰম্ভ হৈছিল ৷

তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাত ভিন্ন আঞ্চলিকৰ 15 টা দলৰ অংশ গ্ৰহণ

সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় বাসী ৰাইজৰ সহযোগত 3 ফেব্ৰুৱাৰীৰ পৰা এই ফুটবল খেল প্ৰতিযোগিতাখনৰ আৰম্ভণি হয় ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ফুটবল খেল খনৰ চূড়ান্ত খেলখন সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই উদ্বোধন কৰে ৷

সামৰণি অনুষ্ঠানত উপস্থিত থাকি বৰুৱাই জানিবলৈ দিয়ে যে, সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া নীতিৰ আধাৰত ক্ৰীড়াক কলাৰ মৰ্যদা প্ৰদান কৰি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই জিলাখনৰ ভিন্ন স্থানত সিঁচৰতি হৈ থকা প্ৰতিভাৱান খেলুৱৈ সকলক উলিয়াই অনাৰ লক্ষ্যৰে প্ৰতিবছৰে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু এই ফুটবল খেলখনো তাৰেই এক অংশ ৷

শুকুৰবাৰৰ সামৰণি অনুষ্ঠানত সাংগঠনিক শ্বহীদ সকলৰ পৰিয়াল বৰ্গ উপস্থিত থাকে ।‌ উল্লেখ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভিন্ন আঞ্চলিকৰ 15 টা দলে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক:দুলীয়াজানৰ ৰাজপথত জ্বলিল মোডী আৰু সোণোৱালৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details