ডিব্ৰুগড়, 10 জুনঃ শদিয়া অমৰপুৰ টেলিয়াবাৰীত দেওবাৰে খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে 64 জন লোক ৷ আটাইকেইজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হয় । ইয়াৰে 32জন প্ৰাপ্ত বয়স্ক আৰু 34টা শিশু। অসুস্থ লোক সকলক শদিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
শদিয়াত খাদ্যত বিষক্ৰিয়াঃ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন বহুজন - শদিয়া
অসুস্থ শিশু সকলৰ ভিতৰত মুন পেগু নামৰ ছয় বছৰীয়া শিশুটি সংকটজন বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ,শদিয়া অমৰপুৰৰ টেলিয়াবাৰীৰ গাঁৱৰ জিতেন কুটুম নামৰ ব্যক্তিজনৰ ঘৰত বিগত ৭ জুন তাৰিখে কীৰ্তনপাঠ অনুষ্ঠান অনুষ্ঠিত হৈছিল ।
শদিয়াত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ 64জন
অসুস্থ শিশু সকলৰ ভিতৰত মুন পেগু নামৰ ছয় বছৰীয়া শিশুটি সংকটজন বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ,শদিয়া অমৰপুৰৰ টেলিয়াবাৰীৰ গাঁৱৰ জিতেন কুটুম নামৰ ব্যক্তিজনৰ ঘৰত বিগত ৭ জুন তাৰিখে কীৰ্তনপাঠ অনুষ্ঠান অনুষ্ঠিত হৈছিল । উক্ত গাঁৱৰ লোকসকলে সেই অনুষ্ঠানত বুট মাহ খোৱাৰ পিছতে লাহে লাহে অসুস্থ পৰে লোক কেইজন।