ডিব্ৰুগড়, ৪ জুন: কৰ'ণাসৃষ্ট পৰিস্থিতিয়ে বৰ্তমান বহুতৰে জীৱনলৈ বিপৰ্যয় মাতি আনিছে । উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত আৰ্থিক সংকটত ভূগিবলগীয়া হৈছে বহু লোকে । একে সময়তে দৈনিক শ শ লোক ক'ভিড-১৯ত আক্ৰান্ত হৈ আছে । বহুতেই হোম কোৱাৰেণ্টাইনত আছে ।
ঘৰৰ পৰা ওলাব নোৱাৰাৰ বাবে খাদ্যৰ নাটনি হৈছে এই লোকসকলৰ । শুকুৰবাৰে ডিব্ৰুগড়ৰ লাহোৱাল মণ্ডলৰ অন্তৰ্গত মোহনবাৰী গাঁও পঞ্চায়তৰ বাঁছ বাৰীত হোম কোৱাৰেণ্টেইনত থকা লোকসকলৰ মাজত চৰকাৰে বহন কৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । প্ৰায় ৫৪ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰা হয় । লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই দলীয় কৰ্মীৰ সৈতে লগ হৈ এই খাদ্য সামগ্ৰীবোৰ বিতৰণ কৰে ।