অসম

assam

ETV Bharat / state

ঢোলৰ যাদুৰে সকলোকে মোহাছন্ন কৰা তুলসী ওজা আজি শয্যাশায়ী

এসময়ত বিহু আহিলে ঢোলত এচাপৰ নামাৰিলে ৰ’ব নোৱাৰা তুলসী ওজা আজি শয্যাশায়ী ৷ জটিল গ্ৰন্থি বিষত আক্ৰান্তৰ ওজাৰ হাতত নাই চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন ৷

AS_Tingkhong_Tulokhi_Ojha_vis_ASC10071
ঢোলৰ যাদুৰে ৰাইজক মোহাছন্ন কৰি ৰখা তুলসী ওজা আজি শয্যাশায়ী!

By

Published : Apr 7, 2021, 7:42 PM IST

Updated : Apr 7, 2021, 7:55 PM IST

টিংখাং, 7 এপ্ৰিল:এগৰাকী বিশিষ্ট লোকবাদ্য শিল্পী ৷ যি নিজৰ ঢোলৰ যাদুৰে এসময়ত মোহাছন্ন কৰি ৰাখিছিল অসমবাসীক ৷ বিহু আহিলে ঢোলটো এচাপৰ নবজালে থাকিব নোৱাৰা ব্যক্তি জনে এতিয়া অতীতৰ স্মৃতি সুঁৱৰি হৈ পৰিছে আবেগিক ৷ কাৰণ তেওঁ এতিয়া শয্যাশায়ী ৷

এসময়ত দুখন হাতৰ যাদুৰে হাজাৰ-হাজাৰ লোকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল টিংখাঙৰ ভালুকমৰা গাঁৱৰ লোকবাদ্য শিল্পী তুলসী ওজাই ৷ অসমৰ ঢুলীয়া সংস্কৃতিক কেৰেলা, হায়দৰাবাদ, নাগপুৰ, কলকতাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নি সন্মান বুটলা তুলসী ওজাক প্ৰতিমা পাণ্ডে বঁটাৰেও সন্মানিত কৰা হৈছিল ৷ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, বিগত এটা মাহে শয্যাশায়ী হৈ আছে শিল্পী তুলসী ওজা ৷

ঢোলৰ যাদুৰে ৰাইজক মোহাছন্ন কৰি ৰখা তুলসী ওজা আজি শয্যাশায়ী!

12 বছৰ বয়সৰ পৰাই ঢোল কান্ধত তুলি লোৱা ওজা এতিয়া আক্ৰান্ত জটিল গ্ৰন্থি বিষত ৷ যাৰ বাবে আশীৰোৰ্ধৰ শিল্পী গৰাকীয়ে নিজৰ আপোন ঢোলটোকো কান্ধত তুলি ল’ব নোৱাৰে ৷ শিল্পী তুলসী ওজাক সুস্থ কৰি তুলিবলৈ উন্নত চিকিৎসা সেৱাৰ প্ৰয়োজন ৷ কিন্তু কেৱল চৰকাৰী শিল্পী পেঞ্চনৰ ওপৰতে নিৰ্ভশীল ওজাৰ পৰিয়ালৰ বাবে এইয়া সম্ভৱ নহয় ৷

ৰাজ্য চৰকাৰে সময়ে সময়ে শিল্পী সকলৰ বাবে বিভিন্ন আঁচনি মুকলি কৰি আহিছে ৷ কিন্তু তেনে কোনো আঁচনিয়ে আজিকোপতি স্পৰ্শ কৰা নাই শিল্পী গৰাকীক ৷ চৰকাৰৰ প্ৰতি কোনো ক্ষোভ নাই যদিও কিছু আৰ্থিক সাহাৰ্যই তেওঁক যথেষ্ঠ সকাহ দিব বুলি আশাবাদী বৰ্ষীয়ান শিল্পী গৰাকী ৷

লগতে পঢ়ক-28 বছৰৰ পাচত ভোটাধিকাৰ সাব্যস্ত কৰিলে আচমা খাতুনে

Last Updated : Apr 7, 2021, 7:55 PM IST

ABOUT THE AUTHOR

...view details