অসম

assam

ETV Bharat / state

ডিমৌ নৈত সমূহীয়া মৎস্য চিকাৰ ৰাইজৰ - ডিমৌ নৈ

মৰাণৰ ডিমৌ নৈত মাছৰ উজান ৷ এক আনন্দ-উল্লাহেৰে গাঁওবাসীয়ে নৈত নামি মাছ ধৰা পৰিলক্ষিত হৈছে ৷

Fishing in Moran Dimow River
ডিমৌ নৈত মাছ ধৰি আনন্দ লৈছে গাঁওবাসীয়ে

By

Published : Oct 22, 2020, 9:15 AM IST

মৰাণ,22 অক্টোবৰ : শৰতৰ সময়ছোৱাত শুকাবলৈ আৰম্ভ কৰিছে নৈ,জান,বিল,পানীৰে পৰিপূৰ্ণ জলাশয়সমূহ। পানী শুকোৱাৰ লগে লগে মানুহৰ মাজত মাছ ধৰাৰ হাবিয়াসো বাঢ়িব ধৰা পৰিলক্ষিত হৈছে ৷ উজনিৰ বিভিন্ন নৈ,বিল আদিৰ সমান্তৰালকৈ মৰাণৰ ডিমৌ নৈতো দলে-বলে দলে মানুহ ওলাই আহি মাছ ধৰিবলৈ আৰম্ভ কৰিছে ৷ এক আনন্দ-উল্লাহৰ মাজতে গাঁওবাসীয়ে পল,জাল লৈ নৈত নামি মাছ ধৰাত ব্যস্ত হৈ পৰিছে ।

ডিমৌ নৈত মাছ ধৰি আনন্দ লৈছে গাঁওবাসীয়ে

কোনোৱে ডাঙৰ বৰালি ধৰি আনন্দত মতলিয়া হৈছে, আন কোনোৱে আকৌ মাছ মাৰিবলৈ গৈ সাঁতুৰি আনন্দ লাভ কৰিছে । মুঠৰ ওপৰত গাঁৱলীয়া জীৱনৰ এখন সুন্দৰ ছবি পৰিস্ফুত হৈছে মৰাণৰ ডিমৌ নৈত ।

নৈখনৰ তিনি চাৰিটা স্থানত দলত ভাগ হৈ পূজাৰ বতৰত তৃপ্তিৰে এসাঁজ খোৱাৰ মানসেৰে বহু লোকে ধৰিলে মাছ । এজনে 3-4 টালৈ মাছ ধৰা দেখা পোৱা গৈছে ৷ একেলগে সমনীয়াৰ সৈতে মাছ ধৰাৰ আনন্দই সুকীয়া ।

লগতে পঢ়ক :কৰিমগঞ্জৰ পাথাৰকান্দিত চোৰাং কাঠসহ এজনক আটক

ABOUT THE AUTHOR

...view details