অসম

assam

ETV Bharat / state

মৰাণত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰট’কল - NH37

মৰাণত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰটকল ৷ ক’ভিডক লৈ থকা শংকিত নহয় মৰাণৰ একাংশ ৰাইজ ৷ মৰাণৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথতে বহিছে মাছৰ বজাৰ ৷

মৰাণত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰট’কল
মৰাণত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰট’কল

By

Published : May 23, 2021, 8:27 AM IST

মৰাণ,23 মে’:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰাণটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ কাল কৰ’ণাক প্ৰতিহত কৰিবলৈ চৰকাৰে বান্ধি দিছে বহু নীতি-নিৰ্দেশনা ৷ কিন্তু চৰকাৰী নীতি-নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মৰাণৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথতে বহিছে মাছ আৰু পাচলি বজাৰ । বজাৰত নাই সামাজিক দূৰত্ব, পালন কৰা হোৱা নাই ক’ভিড সংক্ৰান্তীয় কোনো নীত-নিয়ম ৷

মৰাণহাট আৰক্ষী থানাৰ নিচেই কাষতেই ক’ভিড নিয়ম ভংগ কৰি জনসমাগম হৈছে যদিও বজাৰ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসন । এই অভিযোগ উত্থাপন কৰিছে সচেতন মহলে ৷

জানিব পৰা মতে, ক’ভিড বাবে মৰাণৰ মূল মাছ বজাৰখন বন্ধ কৰি দিয়া ফলতেই মাছ ব্যৱসায়ী সকলে 37 নং ঘাইপথৰ কাষত অস্থায়ী মাছৰ বজাৰ বহাইছে । দুই এজন আৰক্ষী আহি বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে যদিও আৰক্ষীলৈ কোনো ভ্ৰূক্ষেপ নকৰে মাছ ব্যৱসায়ী সকলে । মৰাণৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এই অস্থায়ী মাছ বজাৰখন বন্ধ কৰিবলৈ দাবী জনাইছে এতিয়া মৰাণৰ সচেতন ৰাইজে । অন্যথা ক’ভিড সম্প্ৰসাৰণৰ মূল উৎস লৈ পৰিণত হৈ পৰাৰ শংকাই প্ৰকট হৈ পৰিছে মৰাণৰ এই মাছ বজাৰখন ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী সাহাৰ্য পুজিলৈ জনাৰ্দন দেৱ গোস্বামীৰ ৫১ হেজাৰ টকাৰ অনুদান

ABOUT THE AUTHOR

...view details