ডিব্ৰুগড়, 27 জানুৱাৰী :ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট ড° অৰ্পণা মহন্তৰ বুধবাৰে পৰলোকপ্ৰাপ্তি ঘটে (Death of first Assamese woman doctorate in English literature) ৷ দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাক ভূগি আছিল শিক্ষাবিদ গৰাকী ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ ৷
চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতে দেহাৱসান ঘটে ড° অৰ্পণা মহন্তৰ ৷ ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট আছিল তেওঁ ৷ অসম তথা উত্তৰ পূৱ ভাৰতৰ নাৰীবাদী অধ্যয়ণ আৰু গৱেষণাৰ ক্ষেত্ৰখনৰ অগ্ৰণী উদ্যোক্তা ড° অৰ্পণা মহন্তৰ মৃত্যু শিক্ষাজগতখনৰ বাবে এক অপূৰণীয় ক্ষতি ৷