মৰাণ,১৮ মে' :ৰাজ্যত চোৰাং চিকাৰীৰ কাৰ্যকলাপ অব্যাহত আছে (Activities of poachers in Assam)। বন ধ্বংস কৰাৰ লগতে একাংশ দুষ্টচক্ৰই হত্যা কৰিছে বনাঞ্চলৰ আপুৰুগীয়া জন্তু । বনাঞ্চলসমূহৰ গছ-গছনি কাটি তহিলং কৰিছে একাংশ দুষ্টচক্ৰই । যাৰ বাবে বিভিন্ন সময়ত ৰাজ্যৰ বন বিভাগে বনদস্যুৰ বিৰুদ্ধে অভিযান চলোৱাও দেখা গৈছে ।
তেনে এক অভিযানৰ মাজতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত প্ৰচণ্ড গুলীয়াগুলি (Firing between forest guard and poachers)। চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত মঙলবাৰে নিশা প্ৰচণ্ড সংঘৰ্ষ হোৱা বুলি গম পোৱা গৈছে । জানিব পৰা মতে উদ্যানখনৰ বাসৱনলাৰ সমীপত নিশা মেচিনৰ সহায়ত কাঠ কাটি থকা সময়তে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক । সেই সময়তে বনকৰ্মীয়ে চোৰাং চিকাৰীৰ দলটোক বাধা দিয়ে আৰু দলটোক লক্ষ্য কৰি গুলীচালনা কৰে (Firing in Dihing Patkai National Park)।