মৰাণ, 31 ডিচেম্বৰ : জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dihing Patkai National Park)ৰ গভীৰ অঞ্চলত দিহিং বন বিভাগ আৰু চোৰাং কাঠ মাফিয়াৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী (Firing between forest department and illegal wood cutter)। বন বিভাগে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে জয়পুৰ বন সংমণ্ডলৰ অধীনত থকা শুকানজুৰি খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা যোৱা এটা তহলদাৰী দলে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাসৱনলা সমীপত নিয়মীয়া তহলদাৰী কৰি থকা সময়তে অৰুণাচল প্ৰদেশৰ চাৰিজনীয়া এটা চোৰাং কাঠ মাফিয়াৰ দলে বন বিভাগৰ দলটোৰ প্ৰতি লক্ষ্য কৰি গুলীচলনা কৰে ৷
কাঠ মাফিয়াৰ দলটোৱে প্ৰায় চাৰি ৰাউণ্ড গুলী চলোৱাত বন বিভাগৰ দলটোৱেও প্ৰত্যুত্তৰত প্ৰায় দহ ৰাউণ্ড গুলী চলাই যদিও আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাং কাঠ মাফিয়াৰ দলটো পলায়ন কৰিবলৈ সক্ষম হয় ।