অসম

assam

By

Published : Dec 7, 2020, 2:21 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডঃজাহ গ'ল লক্ষাধিক টকাৰ সম্পত্তি

সোমবাৰে পুৱাই ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰৰ তিনিকুনীয়াত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত নিমিষতে জাহ যায় 6টাকৈ বাসগৃহ সহ লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুইয়ে আৰু অধিক বিধংসী ৰূপ ধাৰণ কৰে ৷

fire-in-dibrugarh
ডিব্ৰুগড়ত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড

ডিব্ৰুগড়,7নৱেম্বৰঃ সোমবাৰে পুৱাই ডিব্ৰুগড়ত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ চহৰখনৰ গ্ৰেহেম বজাৰৰ তিনিকুনীয়াত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত নিমিষতে জাহ যায় 6টাকৈ বাসগৃহ সহ লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ জানিব পৰা মতে, ৰবীন দত্ত নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত প্ৰথমে সংঘটিত হয় এই অগ্নিকাণ্ড । ইয়াৰ পিছতে আন 6টাকৈ বাসগৃহত এই জুই বিয়পি পৰাৰ ফলত পিণ্টু মেধি, নয়ন উপাধ্যায়, বিৰেন্দ্ৰ আৰু নাগেন্দ্ৰ নামৰ লোক কেইজনৰ বাসগৃহ কেইটা ভস্মীভূত হয় । তদুপৰি তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুইয়ে আৰু অধিক বিধংসী ৰূপ ধাৰণ কৰে ৷

ইপিনে,ঘটনাস্থলীত ডিব্ৰুগড়ৰ অগ্নিনিৰ্বাপক বাহিনীৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে বহু সময়ৰ অন্তত নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই ৷ উল্লেখ্য যে, এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই ৷

লগতে পঢ়কঃবিশ্বনাথত মাছমৰীয়াক আটক কৰাক লৈ সৰৱ জিলা প্ৰদেশ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details