অসম

assam

ETV Bharat / state

জ্ঞানশ্ৰী বৰাক লৈ Social media ত অশ্লীল মন্তব্য কৰা লোকৰ ওপৰত এজাহাৰ

ৰাইজৰ দলৰ মূখপাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰাক ছছিয়েল মেডিয়াত অশ্লীল মন্তব্য কৰা সকলৰ ওপৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ । সবিশেষ জানো আহক ৷

By

Published : Oct 29, 2021, 10:00 PM IST

fir-against-people-who-targeted-gyanashree-bora-on-social-media
জ্ঞানশ্ৰী বৰাক লৈ Social media ত অশ্লীল মন্তব্য কৰা লোকৰ ওপৰত এজাহাৰ

ডিব্ৰুগড়, 29 অক্টোবৰ :সামাজিক মাধ্যমত এটা দুটা নহয়, ইটোৰ পিছত সিটো অশালীন তথা অসামাজিক মন্তব্যৰে ভৰি পৰিল ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাৰ বিৰুদ্ধে । ৰাজনৈতিক আক্ৰমণক একাংশই অশালীন মন্তব্যলৈ সলনি কৰি এইদৰে বিকৃত মানসিকতাৰ পৰিচয় দিয়াত গৰজি উঠিছে সচেতন মহলৰ লগতে বিভিন্ন ছাত্ৰ সংগঠন । ইয়াক লৈ ক্ষোভিত হৈ পৰিছে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ছাত্ৰ সমাজ ।

অৱশেষত, এই ঘটনাৰ তীব্ৰ গৰিহনাৰে আৰক্ষীৰ কাষ চাপিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি । ডিব্ৰুগড় সদৰ থানাত উপস্থিত হ’ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী । ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ ফটো ব্যৱহাৰ কৰি তেওঁৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি পোষ্ট কৰা ব্যক্তিৰ নামৰ সৈতে ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু কৰিছে ছাত্ৰ সংগঠনটোৱে ।

জ্ঞানশ্ৰী বৰাক লৈ Social media ত অশ্লীল মন্তব্য কৰা লোকৰ ওপৰত এজাহাৰ

লক্ষ্যণীয় বিষয় যে, পূৰ্বতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কন্যা, মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পত্নী আদিৰ বিৰুদ্ধেও সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য তথা পোষ্ট কৰাৰ বিষয় পোহৰলৈ আহিছিল ৷ এইধৰণৰ আক্ৰমণে সমাজৰ একাংশৰ নিকৃষ্ট মানসিকতা উদঙাই দিছে বুলিও এতিয়া সচেতন মহলত আলোচিত হৈছে ৷ উল্লেখিত ঘটনা কেইটাৰ পিছত যিদৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, তেনে ব্যৱস্থা জ্ঞানশ্ৰী বৰাৰ ক্ষেত্ৰতো গ্ৰহন কৰিবলৈ দাবী জনাইছে ৰাহুল ছেত্ৰীয়ে ।

লগতে পঢ়ক :ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

...view details