অসম

assam

ETV Bharat / state

Weaver Hemprabha Chutia : মৰাণত পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়াক উষ্ম আদৰণি - Hemprabha Chutia of Maran awarded Padmashree

পদ্মশ্ৰী বঁটা গ্ৰহণ কৰি শুকুৰবাৰে মৰাণত উপস্থিত হয় হেমপ্ৰভা চুতীয়া (Padma Shri Hemprabha Chutia reached at Moran) ৷ মৰাণত উপস্থিত হোৱাৰ লগে লগে মৰাণবাসীয়ে উষ্ম আদৰণি জনায় হেমপ্ৰভা চুতীয়াক ৷ আনকি অসম গৌৰৱ শিপিনীগৰাকীক লৈ গায়ন-বায়নেৰে গাঁওবাসীয়ে সমদল বাহিৰ কৰে ৷

Padma Shri Hemprabha Chutia reached at Moran
হেমপ্ৰভা চুতীয়াক উষ্ম আদৰণি

By

Published : Apr 7, 2023, 10:53 PM IST

হেমপ্ৰভা চুতীয়াক উষ্ম আদৰণি

মৰাণ, ৭ এপ্ৰিল : চলিত বৰ্ষত পদ্মশ্ৰী বঁটাৰে অসমৰ লগতে মৰাণলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰখ্যাত বয়ন শিল্পী হেমপ্ৰভা চুতীয়াই দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ কৰি আজি অৰ্থাৎ শুকুৰবাৰে গৃহ নগৰ মৰাণত উপস্থিত হয় (Hemprabha Chutia of Maran awarded Padmashree)৷ অসম গৌৰৱ বঁটাৰে সন্মানিত বয়ন শিল্পীগৰাকী মৰাণত উপস্থিত হোৱাৰ পাচতে বহু শুভাকাংক্ষীয়ে গামোচা, চেলেং চাদৰ, সম্বৰ্দ্ধনা পত্ৰ আদিৰে আদৰণি জনোৱা হয় (Padmashree award 2023) ৷

ইয়াৰ পাচতে শিপিনীগৰাকীক মৰাণৰ ফটিকাচোৱা অভয়পুৰীয়াৰ গৃহলৈ গায়ন-বায়ন, বিহুৰে শোভাযাত্ৰা কৰি আদৰি নিয়া হয় (Padmashree Hemprabha Chutia reached Moran)। কেইবাখনো ধৰ্মগ্ৰন্থ তাঁতৰ শালত বৰ্ণবস্ত্ৰ ৰূপ দি এক প্ৰকাৰে অসাধ্যকো সাধন কৰি তোলা হেমপ্ৰভা চুতীয়াক আদৰিবলৈ ওলাই আহে গাঁওবাসী ৷ আনহাতে, নিজৰ ধৈৰ্য, একাগ্ৰতা আৰু নিষ্ঠাৰ ফলত পদ্মশ্ৰী বঁটা লাভ কৰি উৎফুল্লিত হেমপ্ৰভা চুতীয়া ৷ এই বঁটা লাভ কৰা পাচতেই তাঁতশালখন ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈ উঠিছে বুলিও তেওঁ মন্তব্য কৰে ।

ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লৈ গৃহত উপস্থিত হোৱাৰ পাচতেই মৰাণ বিধায়ক চক্ৰধৰ গগৈয়ে হেমপ্ৰভা চুতীয়াক সম্বৰ্ধনা জনায় । এতিয়া হেমপ্ৰভা চুতীয়া দেশবাসীৰ বাবে এগৰাকী শিল্পী এই বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে । উল্লেখযোগ্য যে, হেমপ্ৰভা চুতীয়াই প্ৰথমে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁতশালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৮০ ফুট দৈৰ্ঘ আৰু ১৭ ইঞ্চি প্ৰস্থৰ ‘গুণমালা’ বৈ চমক সৃষ্টি কৰিছিল ।

ইয়াৰ পিচতে ক্ৰমে তেওঁ‌ ২০০ ফুট দৈৰ্ঘৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত 'নামঘোষা', ১৫০ ফুট দৈৰ্ঘৰ ‘‘শ্ৰীমদ্ভাগৱত গীতা’’ সংস্কৃতত আৰু শেহতীয়াকৈ ২৮০ ফুট দৈৰ্ঘৰ ‘‘শ্ৰীমদ্ভাৱত গীতা’’ ইংৰাজীত লিখি চমক সৃষ্টি কৰাৰ লগতে সমগ্ৰ অসমতে পৰিচিত হৈ পৰিছিল । হেমপ্ৰভা চুতীয়াৰ এই সৃষ্টিৰাজীৰ বাবে অসম চৰকাৰে ২০২২ বৰ্ষত অসম গৌৰৱ বঁ‌টা প্ৰদান কৰাৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বিগত সময়চোৱাত তেওঁলৈ বিভিন্ন বঁ‌টাও আগবঢ়াইছে ।

আৰ্থিক অনাটনৰ মাজেৰে নিজৰ সৃষ্টিক সফল ৰূপ দিয়া হেমপ্ৰভা চুতীয়াক কেন্দ্ৰীয় চৰকাৰে এই সন্মান প্ৰদান কৰিলেও তেওঁৰ সৃষ্টিৰাজীক সংৰক্ষণ কৰাৰ বাবে আজি পৰ্যন্ত চৰকাৰে সু-ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক :Guwahati High Court; দেশৰ ন্যায়িক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ; ৰাষ্ট্ৰপতি

ABOUT THE AUTHOR

...view details