অসম

assam

ETV Bharat / state

খোৱাং আৰু মৰাণত গাহৰি পালকৰ মাজত হাহাকাৰ - Fear Among Pig Farmers in Dibrugarh district assam swine fever effected area

ডিব্ৰুগড় জিলাৰ খোৱাং আৰু মৰাণত অস্বাভাৱিক ভাৱে মৃত্যু হৈছে শ-শ গাহৰিৰ । চৰকাৰী পশু চিকিৎসা বিভাগৰ ফালৰ পৰাও কোনো ধৰণৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা নকৰাৰ অভিযোগৰ গাহৰি পালক সকলৰ ।

ETV BHARAT
খোৱাং আৰু মৰাণত গাহৰি পালকৰ মাজত হাহাকাৰ

By

Published : Apr 25, 2020, 11:15 AM IST

মৰাণ, 25 এপ্ৰিলঃ ডিব্ৰুগড় জিলাৰ খোৱাং আৰু মৰাণত গাহৰি পালকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ অস্বাভাৱিকভাৱে মৃত্যু হৈছে বহু পোহনীয়া গাহৰি ৷

ক'ৰণা ভাইৰাছ আৰু লক ডাউনৰ মাজতে ডিব্ৰুগড় জিলাৰ খোৱাং আৰু মৰাণত অস্বাভাৱিক ভাৱে মৃত্যু হৈছে শ-শ গাহৰিৰ । ছোৱাইন ফিভাৰ বুলি সন্দেহ কৰা ৰোগত মৃত্যু হোৱা গাহৰি সমূহ খোৱাং আৰু মৰাণৰ বিভিন্ন গ্ৰামাঞ্চলৰ বুলি জানিব পৰা গৈছে । খোৱাং অঞ্চলৰ বিশেষকৈ হালধিবাৰী,চেচুঘাট,বৰপথাৰ, শিলপুটা,সৰুআলি,নাহৰনি,বাঁ‌হনি পথাৰ,শেনচোৱা পুখুৰীৰ লগতে মৰাণৰ লেঙেৰী, আঘোণীবাৰী, চেঁচাবিল, বিজুলি নগৰ, পথালিবাম আদি অঞ্চলত কিছু দিনৰ পৰা যথেষ্ট সংখ্যক পোহনীয়া গাহৰিৰ মৃত্যু হৈছে । ইয়াৰে দুই এখন গাঁৱৰ গাহৰি পালকে নিজাকৈ ভেকচিন আনি দিছে যদিও বহু গাঁ‌ৱৰ ৰাইজ তথা গাহৰি পালকে পশু চিকিৎসা বিভাগলৈ অপেক্ষা কৰি আছে । ভুক্তভোগী গাহৰি পালক সকলে জানিবলৈ দিয়া মতে, কোনো ধৰণৰ ৰোগৰ আগতীয়া লক্ষণ দেখা নিদিয়াকৈ স্বাভাৱিক ভাৱে থকা গাহৰি সমুহৰ হঠাৎ মৃত্যু হয় ।

খোৱাং আৰু মৰাণত গাহৰি পালকৰ মাজত হাহাকাৰ

আনহাতে, চৰকাৰী পশু চিকিৎসা বিভাগৰ ফালৰ পৰাও কোনো ধৰণৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা নকৰাৰ অভিযোগ গাহৰি পালক সকলৰ। তাৰোপৰি, চৰকাৰী পশু চিকিৎসকে নিৰ্ধাৰিত ধন পালেহে চিকিৎসা আগবঢ়ায় যদিও সেই চিকিৎসাৰ পৰা সুফল পোৱা নাই গাহৰি পালক সকল। যিহেতু গ্ৰামাঞ্চলৰ ৰাইজে গাহৰি পালন কৰি পৰিয়াল পোহপাল দিয়াৰ লগতে বহু শিক্ষিত নিৱনুৱাই গাহৰি পালন কৰি স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা গৈছে । তেনে এটা প্ৰেক্ষাপটত পোহনীয়া গাহৰিৰ অকাল মৃত্যুৱে চিন্তিত কৰি তুলিছে গাহৰি পালকৰ লগতে গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত ৷

লগতে পঢ়ক- লক ডাউন: পদপথৰ জীৱ-জন্তুক খাদ্যৰ যোগান

ABOUT THE AUTHOR

...view details