মৰাণ, ১৮ এপ্ৰিল:ৰঙালী উচাহত মতলীয়া ৰাজ্যবাসী । পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ আনন্দ বুটলিলে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) (United Liberation Army Assam) চমুকৈ আলফা(স্বাঃ)ৰ সেনানীয়েও । সোমবাৰে এক ইমেইলযোগে আলফা স্বাধীনৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল ৰঙালী বিহু উদযাপনৰ এটা বিশেষ ভিডিঅ’ (ULFA celebrated Bihu) ৷ যি ভিডিঅ’ত কোনো অজ্ঞাত স্থানত সংগঠনটোৰ সদস্যই বিহুগীত আৰু হুঁচৰি গোৱা দেখিবলৈ পোৱা গৈছিল (Bihu in ULFA camp) ৷
সেই বিশেষ ভিডিঅ’টোৰ দেখাৰ পাচতেই কান্দোনৰ ৰোল উঠিছে মৰাণৰ এটা পৰিয়ালত । কাৰণ সেই ভিডিঅ’তে দেখা পালে তেওঁলোকৰ একমাত্ৰ পুত্ৰক । জানিবপৰামতে, ডিব্ৰুগড় জিলাৰ মৰাণৰ এজন উদীয়মান কণ্ঠশিল্পীয়ে প্ৰায় এবছৰ পূৰ্বে মোবাইল মেৰামতি কৰো বুলি ঘৰৰ পৰা ওলাই গৈছিল । সেই দিন ধৰি মৰাণৰ ২ নং চৰাইহাবি গাঁৱৰ নিবাসী তথা পেচাত এগৰাকী শিক্ষক উচ্চকমল বড়াৰ একমাত্ৰ পুত্ৰ অভিলেষ বড়াৰ কোনো সন্ধান নাই । সোমবাৰে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ বিহু হুঁচৰিৰ ভিডিঅ’টো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিচতে মৰাণৰ ২ নং চৰাইহাবিৰ এই পৰিয়ালটোত কান্দোনৰ ৰোল উঠিছে (Father request ulfa chief to send back his son) ।
খোৱা-বোৱা নোহোৱা হৈছে পৰিয়ালটোৰ লোকসকলৰ । ভিডিঅ’টোত হুঁচৰি জোৰা কেডাৰজন তেওঁলোকৰ অভিলেষ বড়া বুলি চিনাক্ত কৰিছে পৰিয়ালটোৱে । মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা অভিলেষ আছিল এগৰাকী উদীয়মান কণ্ঠশিল্পীও । বিভিন্ন স্থানত তেওঁ সংগীত পৰিৱেশনো কৰিছল ।