অসম

assam

By

Published : Oct 18, 2021, 8:03 PM IST

ETV Bharat / state

পথাৰত আকাশ বন্তিৰ পৰিৱৰ্তে কৃষকৰ চকুলো

আজি হেঁপাহৰ পথাৰখনত বন্তি জ্বলাব কৃষকে। কিন্তু ডিব্ৰুগড়ৰ ন-পাম, থান গাঁৱত নজ্বলিব এগচিও আকাশ বন্তি ৷ আপোন পথাৰখন চাই আবেগিক হৈ পৰিছে কৃষকসকল ৷ খেতিয়কৰ বাবে উদযাপন কৰা কাতি বিহুৰ এই বিশেষ দিনটোতো কিয় আবেগিক হৈ পৰিছে খেতিয়কসকল ?

Farmers
পথাৰত আকাশ বন্তিৰ পৰিৱৰ্তে কৃষকৰ চকুলো

মৰাণ, 18 অক্টোবৰ : আজি কাতি বিহু৷ সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিছে কঙালীৰ এই বিশেষ দিনটো ৷ কিন্তু নিমাত-নিতাল এখন গাঁও ৷ গাঁওখনৰ খেতিয়কৰ মনতো নাই আকাশ বন্তি জ্বলোৱাৰ উৎসাহ ৷ সকলোৱে মাথো অশ্ৰুসিক্ত নয়নেৰে চাই ৰৈছে সপোনৰ পথাৰত ডৰালৈ ৷

পথাৰত আকাশ বন্তিৰ পৰিৱৰ্তে কৃষকৰ চকুলো

শুকান মৰুভূমি সদৃশ গাঁওখন হৈছে ডিব্ৰুগড়ৰ ন-পাম, থান গাঁও ৷ হেঁপাহৰ সোণগুটি ৰচা, সপোনৰ পথাৰখনলৈ চাই আবেগিক হৈ পৰিছে অঞ্চলটোৰ কৃষকসকল ৷ কিয়নো পানীৰ অভাৱত আপোন পথাৰখনত মেলিছে এতিয়া চিৰাল ফাঁট ৷

ফলত কাতি বিহুৰ এই বিশেষ দিনটোতো এগচিও বন্তি নজলিব এই পথাৰখনত ৷

হেঁপাহৰ পথাৰখনত নাই আকাশ বন্তি

বৰ্তমান ন-পাম, থান গাঁৱৰ হেক্টৰ হেক্টৰ কৃষি ভূমি বৰ্তমান গৰু-ছাগলীৰ চৰনীয়া পথাৰলৈহে পৰিণত হৈছে ৷ যাৰ ফলত আৱেগিক হৈ পৰিছে এতিয়া অঞ্চলটোৰ কৃষক সকল ৷ এতিয়া মাত্ৰ এই সকল কৃষকৰ এটাই ভৰষা ৷ চৰকাৰে সু-দৃষ্টি প্ৰদান কৰক এই অঞ্চলটোক ৷

কাতি মানে কঙালী ৷ কঙালীৰ ভয়াবহতা পৰিস্ফূট হৈছে ন পাম গাঁৱত ৷ কাতি বিহুৰ দিনটোৰ উদং পথাৰৰ দৃশ্যই প্ৰমাণ কৰিছে চৰকাৰে ৰূপায়ণ কৰা কৃষি আঁচনি আৰু পানী যোগান আঁচনিৰ ফোঁপোলা স্বৰূপ ৷

লগতে পঢ়ক :অনাবৃষ্টি : বঢ়মপুৰৰ কৃষকৰ মনত নাই কাতি বিহুৰ উছাহ

ABOUT THE AUTHOR

...view details