মৰাণ,11 মে’:ক'ভিডে কাঢ়ি লৈ গৈছে কৃষকৰ সপোন । ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ৰঙালাও বজাৰত কৃষক তথা বিক্ৰেতাসকলৰ মাজত বৰ্তমান নাই কোনো ধৰণৰ আশাৰ ৰেঙণি । চৰকাৰে জাৰি কৰা মিনি লক ডাউনে তচনচ কৰি পেলাইছে কৃষকসকলৰ সপোন ।
ফলত পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে ৰঙালাও অথবা আন আন শাক-পাচলি । বজাৰখনৰ নিচেই কাষতে থকা চেৰেপাখাটি অঞ্চলৰ ৰাইজে বছৰটো কপালৰ ঘাম মাটিত পেলাই খেতি কৰে । বানবিধ্বস্ত অঞ্চলটোত ধানখেতি প্ৰায়েই নহয় । ৰঙালাও, বিলাহী, কবি, জলকীয়া আদি ৰবি শস্যৰ খেতি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছে এই লোকসকলে । প্ৰতিদিনে বজাৰখনলৈ শাক-পাচলি উলিয়াই আনি দিনটোৰ অন্তত পোৱা টকা কেইটাৰে ঘৰ চলাই আছে তেওঁলোকে ।