ডিব্ৰুগড়, 29 জুলাই :এতিয়া শাওন মাহ । ধৰাৰ উজ্জীৱিত বুকুত পথাৰ সেউজীয়া কৰা সময় এয়া । ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ পথাৰতো বাঢ়িছে কৃষকৰ ব্যস্ততা । কিছু দিন পূৰ্বে হোৱা বানপানীৰ পাচতে এতিয়া পুনৰ কৃষক ৰাইজ ব্যস্ত হৈ পৰিছে পথাৰত । বানে ধুই যোৱা ডিব্ৰুগড়ৰ পথাৰসমূহত এতিয়া কৃষক ৰোৱনীৰ ব্যস্ততাৰ অন্ত নাই ।
বিশেষকৈ জিলাখনৰ মৰাণ সমষ্টিৰ বহু সংখ্যক গাঁও বানৰ কবলত পৰিছিল । পানী কমি যোৱাৰ পাচতে কৃষকৰ ঘৰে ঘৰে আৰম্ভ হৈছে ন-ভূঁই ৰোৱাৰ পৰ্ব । জিলাখনৰ বিভিন্ন প্ৰান্তৰ দৰে খোৱাং খলিহামাৰী গাঁৱত ব্যস্ত হৈ পৰিছে কৃষক ৰাইজ । জাক জাক ৰোৱনীৰে ভৰিছে পথাৰ । চলিছে ন-ভূঁই ৰোৱা আৰু হাউৰি লোৱাৰ পৰ্ব ।
আঘোণৰ সোণোৱালী পথাৰখনৰ সপোন দেখি কৃষক ৰাইজ নামি পৰিছে খেতি পথাৰত । পথাৰত এতিয়া ভূঁই ৰোৱাত ব্যস্ত ৰোৱনীসকল । পৰম্পৰাগত ৰীতি-নীতিৰে আৰম্ভ হৈছে ন-ভূঁই ৰোৱা পৰ্ব । পুৰুষ সকলো গৰু হাল লৈ নামি পৰিছে দ-পথাৰত । মুঠৰ ওপৰত ব্যস্ততাৰ অন্ত নাই খোৱাং খলিহামাৰী গাঁৱৰ কৃষকসকলৰ ।