ডিব্ৰুগড়ৰ খোৱাঙৰ পথাৰত ন ভূঁই ৰোৱাৰ আনন্দ মৰাণ, ১৫ জুলাই :ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত বানে ধোৱা পথাৰত এতিয়া কৃষকৰ সীমাহীন ব্যস্ততা ৷ পথাৰত সোণগুটিৰ বীজ সিঁচাত ব্যস্ত এইসকল ৰোৱনীয়ে পাহৰিছে কেইদিনমান পূৰ্বে বানে কোঙা কৰা দিনৰ কথা ৷ এতিয়া সকলোৱে দুখ ভাগৰ পাহৰি বোকা-পানী গচকি সোণগুটিৰ বীজ একান্তমনে পথাৰত সিঁচিছে ৷ সকলোৰে লক্ষ্য় আঘোণত লখিমীক আদৰিবই ।
চৰকাৰে বিনামূলীয়া চাউল প্ৰদান কৰিলেও কৃষিকৰ্মৰ পৰা আঁতৰি অহা নাই বহু কৃষক । বিভিন্ন পন্থা অৱলম্বন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকে কৰি আহিছে কৃষিকৰ্ম । বোকা পথাৰত সোণগুটিৰ সপোন ৰচাত ব্যস্ত ডিব্ৰুগড়ৰ কৃষক । নেৰানেপেৰা বৰষুণৰ মাজত প্ৰাণৱন্ত হৈ পৰিছে খেতিয়কৰ সময়বোৰ । কিয়নো এতিয়া ধৰাৰ উজ্জীৱিত বুকুত পথাৰ সেউজীয়া কৰা সময় ।
ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ পথাৰতো বাঢ়িছে কৃষকৰ ব্যস্ততা । এই দৃশ্য ডিব্ৰুগড়ৰ খোৱাং বাঁহনি পথাৰ গাঁৱৰ । জাক জাক ৰোৱনীয়ে ভৰিছে পথাৰ । আঘোণৰ সোণোৱালী পথাৰখনৰ সপোন দেখি কৃষক ৰাইজ নামি পৰিছে খেতিপথাৰত । পথাৰত এতিয়া ন-ভূঁই ৰোৱাত ব্যস্ত ৰোৱনী সকল । পৰম্পৰাগত ৰীতি-নীতিৰে আৰম্ভ হৈছে ভূঁই ৰোৱাৰ পৰ্ব ।
পুৰুষ সকলো কোৰ-ট্ৰেক্টৰ লৈ নামি পৰিছে দ'পথাৰত । মুঠৰ ওপৰত ব্যস্ততাৰ অন্ত নাই কৃষকৰ সকলৰ । বিধ বিধ ধানৰ কঁঠিয়া ৰুই আনন্দত মতলীয়া ৰোৱনী সকল । দ-পথাৰৰ মাজত ভূঁই ৰুই থাকোতেই কোনো কোনো ৰোৱনীয়ে জুৰিছে গীত । কিয়নো যান্ত্ৰিকতাৰ কৱলত পৰি গৰু হাল ক্ৰমাৎ নোহোৱা হৈছে পথাৰৰ পৰা । তাৰ ঠাইত ট্ৰেক্টৰৰ বহুল ব্যৱহাৰে কৃষক ৰাইজে কৰিছে খেতি । গৰু, নাঙল, জুৱলি এতিয়া ক্ৰমাৎ নোহোৱা হৈ পৰিছে পথাৰৰ পৰা । তথাপি সময়ৰ সৈতে খোজ মিলাই খেতিত ব্যস্ত হৈছে কৃষক সকল ।
লগতে পঢ়ক:Assam CM on Bhutan Kurichu Dam water release: ভূটানে খুলিলে কুৰিশ্ব’ বান্ধৰ পানী, ফেনেফুটুকাৰে ওফন্দিব বেকী-মানাহ: মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী