অসম

assam

By

Published : Jan 28, 2021, 8:14 PM IST

ETV Bharat / state

কৃষক শ্বহীদ দিৱস: ডিব্ৰুগড়ত বীৰ শ্বহীদ কৃষকসকলক স্মৰণ

বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ কৃষি বিভাগতো পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰ মুঠ 12 গৰাকী কৃষকক আনুষ্ঠানিকভাৱে একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায় জিলা কৃষি বিভাগে ৷

dibrugarh farmer martyrs day
ডিব্ৰুগড়ত কৃষক শ্বহীদ দিৱস পালন

মৰাণ,28 জানুৱাৰী : ঐতিহাসিক পথৰুঘাট ৰণত প্ৰাণ আহুতি দিয়া বীৰ কৃষক শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ কৃষি বিভাগতো পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷ নৰনাথ পেগুৱে আঁতধৰা সভাত জিলা কৃষি বিষয়া সুমেন্দ্ৰ গোস্বামীয়ে কৃষকসকলক সন্মান জনাই চৰকাৰীভাৱে প্ৰস্তুত কৰা আঁচনি সংক্ৰান্তত আলোকপাত কৰে ৷

ডিব্ৰুগড়ত কৃষক শ্বহীদ দিৱস পালন

ইয়াৰোপৰি, জিলাখনৰ ভিন্ন প্ৰান্তৰ মুঠ 12 গৰাকী কৃষকক আনুষ্ঠানিকভাৱে একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত সভাত উপস্থিত থাকে কৃষি উন্নয়ন বিষয়া কাবেৰী চলিহা, ৰুনিমা মিলি, মালা বৰুৱা শইকীয়াৰ লগতে বিভাগীয় কৃষি সম্প্ৰসাৰণ সহায়ক সকল ৷

লগতে পঢ়ক :গুৱাহাটীত চুইগী কৰ্মচাৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details