অসম

assam

ETV Bharat / state

দিনজয় সত্ৰত প্ৰৱেশ কৰাৰ বাবেই কৈৱৰ্ত জাগৰণ মঞ্চই কৰিলে এঘৰীয়া - Dinjoy Satra Dibrugarh

সংকীৰ্ণতাৰ পাকচক্ৰত পৰিছে ৰাজ্যৰ ভিন্নজন ৷ এলান্ধুকলীয়া ৰীতিক সাৱটি থকা আধুনিক যুগৰ এচাম লোকে অবাস্তৱ কাৰণত এঘৰীয়া কৰিছে ইটোৰ পাছত সিটো পৰিয়ালক ৷ শেহতীয়কৈ চাবুৱাতো সংঘটিত হ’ল দুটাকৈ ঘৃণনীয় কাণ্ড(Social exclusion at Chabua) ৷

দিনজয় সত্ৰত প্ৰৱেশ কৰাৰ বাবেই কৈৱৰ্ত জাগৰণ মঞ্চই কৰিলে এঘৰীয়া
দিনজয় সত্ৰত প্ৰৱেশ কৰাৰ বাবেই কৈৱৰ্ত জাগৰণ মঞ্চই কৰিলে এঘৰীয়া

By

Published : Sep 16, 2022, 7:12 PM IST

ডিব্ৰুগড়, 16 ছেপ্টেম্বৰ: চাবুৱাত কৈৱৰ্ত কুলৰ যুৱতীক বিয়া কৰোৱাৰ অপৰাধত এটা পৰিয়ালক ১০ বছৰে এঘৰীয়া কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ সাম্প্ৰদায়িক কু-চক্ৰান্তৰ বলি হ’ল চাবুৱাৰ এগৰাকী সৰবৰহী ব্যক্তি । এইবাৰ দিনজয় সত্ৰত প্ৰৱেশ কৰাসকলক এঘৰীয়া কৰিছে কৈৱৰ্ত জাগৰণ মঞ্চই (kaibarta Jagaran Manch)।

এই মঞ্চই চাবুৱাত কৈৱৰ্ত সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা অৱসৰপ্ৰাপ্ত শিক্ষক, দিনজয় সত্ৰৰ বৰ খাটনিয়ালক এঘৰীয়া কৰিলে (Social exclusion at Chabua)। কৈৱৰ্ত কুলৰ প্ৰতি পিঠি দিয়া বুলি অভিযোগ তুলি কৈৱৰ্ত জাগৰণ মঞ্চই ৰাজহুৱাভাৱে পত্ৰ প্ৰচাৰ কৰি মানসিকভাৱে হাৰাশাস্তি কৰা বুলি সংবাদমেলযোগে ব্যক্ত কৰিলে চাবুৱাৰ সৰবৰহী ব্যক্তি তথা ভুক্তভোগী গোবিন চন্দ্ৰ দাসে ।

দিনজয় সত্ৰত প্ৰৱেশ কৰাৰ বাবেই কৈৱৰ্ত জাগৰণ মঞ্চই কৰিলে এঘৰীয়া

মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দানন্দ চন্দ্ৰ গোস্বামীয়ে কৈৱৰ্ত কুলক হেয় প্ৰতিপন্ন কৰা মন্তব্যৰ গইনা লৈ চাবুৱাৰ লগতে সমগ্ৰ অসমৰ কৈৱৰ্ত সমাজৰ এক প্ৰতিক্ৰিয়া অব্যাহত থকা সময়তে সদ্যগঠিত কৈৱৰ্ত জাগৰণ মঞ্চই দিনজয় সত্ৰলৈ যোৱা প্ৰতিজন কৈৱৰ্ত কুলৰ ভক্তক এঘৰীয়া কৰিছে । উল্লেখ্য যে, প্ৰয়াত সত্ৰাধিকাৰ তথা সত্ৰৰত্ন যোগদানন্দ গোস্বামীৰ দিনতে কৈৱৰ্তসকলক সত্ৰখনত উচ্চ আসন প্ৰদান কৰি গোবিন চন্দ্ৰ দাসক বৰ খাটনিয়াল আসনত বহুওৱা হৈছিল ।

আনহাতে দিনজয় সত্ৰঘৰীয়াই কোনো দিনে কৈৱৰ্তসকলক অৱজ্ঞা কৰা নাই বুলি মন্তব্য কৰিছে ভুক্তভোগী গোবিন চন্দ্ৰ দাসে । মঞ্চই দাসৰ নামত ৰাজহুৱা পত্ৰ প্ৰচাৰ কৰি সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰাত আইনৰ ওচৰ চাপিব বুলিও জনাইছে দিনজয় সত্ৰৰ(Dinjoy Satra Dibrugarh) বৰ খাটনিয়ালগৰাকীয়ে ।

লগতে পঢ়ক:বিদ্যালয়ৰ সকলো অনুষ্ঠানতে "অ' মোৰ আপোনাৰ দেশ..." বাধ্যতামূলক

ABOUT THE AUTHOR

...view details