অসম

assam

ETV Bharat / state

Dibrugarh encounter: সন্তোষৰ এনকাউণ্টাৰৰ সাক্ষী পৰিয়াল, ঘৰত কান্দোনৰ ৰোল - Dibrugarh encounter

টিংখাঙৰ বৰবাম আৰক্ষীৰ এনকাউণ্টাৰ । আৰক্ষীৰ গুলীত নিহত অভিযুক্ত অপৰাধী সন্তোষ জয়ছোৱাল (Santosh Jaiswal encounter)। এনকাউণ্টাৰৰ সাক্ষী হৈ ৰ'ল সন্তোষৰ পৰিয়াল । পত্নী আৰু পৰিয়ালে কেমেৰাৰ সন্মুখত দিলে ভয়ংকৰ স্বীকাৰোক্তি ।

Dibrugarh encounter
সন্তোষৰ এনকাউণ্টাৰৰ সাক্ষী পৰিয়াল

By

Published : Feb 20, 2023, 2:16 PM IST

সন্তোষৰ এনকাউণ্টাৰৰ সাক্ষী পৰিয়াল

মৰাণ, ২০ ফেব্ৰুৱাৰী :ৰাজ্যত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা । দেওবাৰে ডিব্ৰুগড়ৰ টিংখাঙত বৰবাম আৰক্ষীৰ গুলীত নিহত হয় সন্তোষ জয়ছোৱাল নামৰ এটা অভিযুক্ত ডকাইত (Dacoit shot dead by Tingkhong police)। শহুৰেকৰ ঘৰৰ সমীপতে কুখ্যাত ডকাইত সন্তোষক লক্ষ্য কৰি আৰক্ষীয়ে গুলীয়াই । দেওবাৰে বিয়লি প্ৰায় পাঁচ বজাত আৰক্ষীৰ গুলীত নিহত হয় ডকাইতটো ।

সন্তোষ জয়ছোৱালৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে তেওঁৰ পৰিয়াল শোকত ভাগি পৰিছে । মাতৃয়ে কান্দি কান্দি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । ইফালে হাস্পতালত সন্তোষৰ অসহায় পত্নীও কান্দোনত ভাগি পৰিছে ।

জানিব পৰা মতে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি পলায়ন কৰি আছিল সন্তোষ । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ডাংপৰাৰ সন্তোষ জয়ছোৱালে সোণাৰিৰ চেচাঁ সত্ৰৰ শহুৰেকৰ ঘৰত আশ্ৰয় লৈ আছিল । এই খবৰ লাভ কৰাৰ পাছতে ডিব্ৰুগড় জিলাৰ বৰবাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দল শহুৰেকৰ ঘৰত উপস্থিত হয় ।

আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰাৰ চেষ্টা কৰে সন্তোষে । কিন্তু আৰক্ষীয়ে সন্তোষক কৰায়ত্ত কৰাৰ বাবে গুলীচালনা কৰে । আৰক্ষীৰ গুলীত সন্তোষ গুৰুতৰভাৱে আহত হয় । পাছত আৰক্ষীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত সন্তোষক ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে । জানিব পৰা মতে চুৰি, ডকাইতি আদি বিভিন্ন অসামাজিক কাৰ্যকলাপত জড়িত আছিল সন্তোষ (Dacoit Killed in Sonari)।

আনকি অঞ্চলটোত দীৰ্ঘদিনে সন্ত্ৰাস চলাই আহিছিল সন্তোষে । আনকি কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াইছিল সন্তোষক । কিন্তু জেলৰ পৰা ওলাই পুনৰ অসামাজিক কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ আছিল সন্তোষৰ বিৰুদ্ধে ।

ইফালে চেচাঁ সত্ৰৰ শহুৰেকৰ ঘৰৰ সদস্যই জানিবলৈ দিয়া মতে সাধাৰণ পোছাকত দুখন বাহনত আহিছিল আৰক্ষীৰ দলটো । আৰক্ষী অহাৰ উমান পাই সন্তোষ জয়ছোৱালে পলায়ন কৰে আৰু নদী পাৰ হ'বলৈ চেষ্টা কৰে । তেনে সময়তে সন্তোষক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে । প্ৰথম গুলীটো এটা ছাগলীৰ গাত লাগিছিল । কিন্তু দ্বিতীয় গুলীটো সন্তোষ জয়ছোৱালৰ পেটত লাগিছিল ।

ইফালে কেমেৰাৰ সন্মুখত এনকাউণ্টাৰৰ ভয়ংকৰ পৰিস্থিতিৰ বৰ্ণনা দিলে পত্নী আৰু পৰিয়ালে (Santosh Jaiswal reacts over encounter)। পত্নীয়ে আৰক্ষীক গুলীচালনা নকৰিবলৈ অনুৰোধ কৰিছিল যদিও চকুৰ সন্মুখতে আৰক্ষীয়ে স্বামীক গুলীয়াই বুলি ভয়ংকৰ স্বীকাৰোক্তি দিয়ে পত্নীয়ে । এই ঘটনাক লৈ এতিয়া ডিব্ৰুগড় আৰু চৰাইদেউ দুয়োখন জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Dacoit Killed in Sonari: টিংখাং আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী সন্তোষ জয়ছোৱাল

ABOUT THE AUTHOR

...view details