ডিব্ৰুগড়, 28 আগষ্ট : সাৱধান ! বিশেষকৈ সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকল ৷ কিয়নো আপোনাৰ নামত একাংশ দুষ্ট চক্ৰই ভূৱা একাউন্ট খুলি বিভিন্নজনৰ পৰা ধন বিচাৰিব পাৰে ৷ যিমানেই আজিৰ যুগ ডিজিটেলাইজ হৈছে সিমানেই এনেবোৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ দুষ্ট চক্ৰৰ টাৰ্গেট অসম আন এজন চৰকাৰী বিষয়া ৷ এইবাৰ অসম জলপৰিবহন অভিকৰণৰ অধ্যক্ষ বিবেকানন্দ ফুকনৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি দুষ্টচক্ৰৰ প্ৰৱঞ্চনাৰ চেষ্টা ৷ অসম জলপৰিবহণ অভিকৰণৰ অধ্যক্ষ বিবেকানন্দ ফুকনৰ নাম আৰু ফটো ব্যৱহাৰ কৰি দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলি বহুজনৰ সৈতে বিত্তীয় লেনদেন কৰিবলৈ বিচাৰিছে।
এই সন্দৰ্ভত ইতিমধ্যে চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাত এজন ব্যক্তিয়ে এজাহাৰ দাখিল কৰিছে ৷ মৰাণৰো বিভিন্ন লোকৰ সৈতে এই ঘটনা সংঘটিত হৈছে ৷ বিষয়াজনৰ ভুৱা ফেচবুক একাউণ্টৰ পৰা অহা ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰাৰ পাচতেই ফোন নম্বৰ বিচাৰে ৷ কোনো সেনা বিষয়াৰ সামগ্ৰী বিক্ৰী কৰা হ’ব আৰু সেনা বিষয়াজনৰ সৈতে বাৰ্তালাপ কৰাব বিচাৰে ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্টকাৰীসকলক ৷ ঘটনা সন্দৰ্ভত বিবেকানন্দ ফুকনে জানিব পাৰি ইতিমধ্যে আৰক্ষীৰ চাইবাৰ ক্ৰাইম বিভাগত অভিযোগ দাখিল কৰিছে ৷ তদুপৰি শুভাকাংক্ষী বা সাধাৰণ ৰাইজক সাৱধান হ'বলৈ অনুৰোধ জনাই বিবেকানন্দ ফুকনে ৷