ডিব্ৰুগড়, 4 মাৰ্চ :চাবুৱাস্থিত বায়ুসেনা বাহিনীৰ চাউনীত অঘটন ৷ বায়ুসেনাৰ চাউনীটোত কাম কৰি আছে দেশৰ বিভিন্ন প্ৰান্তৰ নিৰ্মাণকাৰী সংস্থাই ৷ এনে সময়তে বৃহস্পতিবাৰে লোমা ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত কৰ্মৰত এগৰাকী শ্ৰমিকৰ শোকাৱহ দুৰ্ঘটনাত মৃত্যু হয় (Worker Dies in Freak Accident at Chabua) ৷
জানিব পৰা মতে, বালিজান পানীএৰা গাঁৱৰ নিবাসী প্ৰণৱ দত্ত নামৰ শ্ৰমিকগৰাকীয়ে এটা বিশেষ মেচিনত সোমাই কাম কৰি আছিল ৷ তেতিয়াই দুৰ্ভাগ্যবশতঃ মেচিনটো চলি যায় ৷ ফলত গুৰুতৰভাৱে আহত হয় প্ৰণৱ দত্ত নামৰ শ্ৰমিকগৰাকী ৷ তাৰ পাচতে আহত শ্ৰমিকগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও অৱশেষত কৰুণ মৃত্যুক আকোৱালি লয় প্ৰণৱ দত্তই ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে কোম্পানীটোৰ এগৰাকী কৰ্মচাৰীয়ে ৷
লগতে কোম্পানীটোৰ কৰ্মচাৰীয়ে কয় যে প্ৰণৱ দত্তই বিশেষ মেচিনটোত সোমাই কাম কৰি থকা কথাটো গম পোৱা নাছিল সুমিত নামৰ এগৰাকী পৰিচালকে ৷ প্ৰণৱ দত্তই মেচিনটোৰ ভিতৰত সোমাই থকা অৱস্থাতে সুমিত নামৰ পৰিচালকগৰাকীয়ে মেচিনটো চলাবলৈ আৰম্ভ কৰে ৷ তেতিয়াই উক্ত ঘটনাটো সংঘটিত হয় ৷
লগতে পঢ়ক :Baby Golden langur crying : মৃত মাতৃৰ কাষত চিঞৰি চিঞৰি কান্দিছে এটা সোণালী বান্দৰৰ পোৱালিয়ে