মৰাণ, 27 জুলাই:ডিব্ৰুগড়ৰ লেপেটকটা চাহ ফেক্টৰীৰ মইনা নায়কৰ চাঞ্চল্যকৰ ভয়ংকৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফেক্টৰী পৰিদৰ্শক দীনেশ চন্দ্ৰ ৰয়ক চাকৰিৰ পৰা নিলম্বন (Factory inspector suspended for Moina Nayak Incident) । বাগিচা অঞ্চলত কৰ্তব্যত অৱহেলা কৰাৰ বাবে দীনেশ চন্দ্ৰ ৰয়ৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ।
ডিব্ৰুগড়ৰ ফেক্টৰী পৰিদৰ্শক দীনেশ চন্দ্ৰ ৰয়ক নিলম্বন অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ পৰা জাৰি কৰা এক নিৰ্দেশনাযোগে ফেক্টৰী পৰিদৰ্শকগৰাকীক নিলম্বন কৰা হয় । আনহাতে, শ্ৰম বিভাগৰ নিৰ্দেশনা অনুসৰি বৰ্তমানেও মইনা নায়কৰ একাউন্টত নোসোমাল কোনো ধন । শেহতীয়াকৈ ঘটনা সংঘটিত হোৱা সুদীৰ্ঘ ৯ টা দিন পাৰ হ'ল যদিও আজি মাত্ৰ ফেক্টৰী ইন্সপেক্টৰ গৰাকীক নিলম্বন কৰিয়েই দায়িত্ব সামৰিছে বুলি আটছাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
ডিব্ৰুগড়ৰ ফেক্টৰী পৰিদৰ্শক দীনেশ চন্দ্ৰ ৰয়ক নিলম্বন উল্লেখ্য যে, ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ কলঘৰৰ চিটিচি মেচিনৰ তলত ঝাড়ু মাৰি থাঁকোতে চাহপাত শুকোৱা মেচিনত সোমাই পৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল শ্ৰমিক মইনা নায়ক । গুৰুতৰভাৱে আহত যুৱতীগৰাকীক ততাতৈয়াকৈ AMCHলৈ নিয়া প্ৰেৰণ কৰা হয় যদিও শৈল্য চিকিৎসক নথকাৰ ফলত GMCH লৈ প্ৰেৰণ কৰা হয় । এতিয়াও হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে সৈতে যুঁজিছে মইনা নায়কে(Tea garden worker Moina Nayak battling for life) ৷
ইফালে, মইনা নায়কক বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰ প্ৰশাসনে অৱহেলা কৰাৰ অভিযোগ উঠিছে । মইনা নায়কৰ ন্যায়ৰ দাবীত এতিয়া সৰৱ হৈ উঠিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী । মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মইনা নায়কক এখন সাধাৰণ এম্বুলেঞ্চেৰে জিএমচিএইচলৈ অনা কাৰ্যকো সহজভাৱে ল’ব পৰা নাই একাংশই । ইফালে বাগিচা কৰ্তৃপক্ষ লগতে চৰকাৰৰ ফালৰ পৰাও মইনাৰ ক্ষতিপূৰণ দিবলৈ আগবাঢ়িছে (Tea garden authorities will have to pay Compensation) ৷
ডিব্ৰুগড়ৰ ফেক্টৰী পৰিদৰ্শক দীনেশ চন্দ্ৰ ৰয়ক নিলম্বন আনহাতে, মইনা নায়কৰ ঘৰত আজিও বিৰাজ কৰি আছে শোকাকুল পৰিৱেশে (Grim atmosphere at residence of Moina Nayak)। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী মইনা ঘৰলৈ সুস্থ হৈ ঘূৰি অহাৰ বাবে বাট চাই ৰৈছে সকলোৱে ৷ নেদেখাজনৰ ওচৰত প্ৰতিদিনাই মইনাৰ মংগলৰ হকে কৰিছে প্ৰাৰ্থনা ৷
বৰ্তমান চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ মইনাৰ আত্মীয়ৰ অনুৰোধ, ‘‘আমাক একো নালাগে ৷ মাত্ৰ ঘৰৰ পৰা যেনেদৰে মইনা ওলাই গৈছিল, তেনেদৰে সু-শৰীৰিৰে ঘৰলৈ ঘূৰি অহাৰ ব্যৱস্থা কৰিব লাগে’’ ৷
লগতে পঢ়ক :Moina Nayak Incident : মইনা নায়কৰ অনুপস্থিতিত কেনে আছে তেওঁৰ ঘৰখন ?