অসম

assam

ETV Bharat / state

অইল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই তৈলখাদত বিস্ফোৰণঃ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়া

এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই কয় যে,অইলৰ তৈলখাদৰ সমীপত পুনৰ জুই জ্বলি উঠাৰ সম্ভাৱনা আছে।কমেও ৫ /৬ মাহলৈকে বাঘজানৰ বিভিন্ন অংশত মাজে মাজে জুই জ্বলি উঠিব।ৰাসায়নিক ভাৱে যদি অইল কৰ্তৃপক্ষই আঁতৰাব নোৱাৰে তেন্তে পানী বা বৰষুণৰ পানীয়ে condensate উটুৱাই নিব নোৱাৰে।যাৰ পৰিপ্ৰেক্ষিতত পুনৰ জ্বলি উঠাৰ সম্ভাৱনা আছে।ইয়াৰ উপৰি সমগ্ৰ অঞ্চলটোত প্ৰায় দুই কিলোমিটাৰ পৰ্যন্ত ২/৩ মাহলৈকে কঠোৰ সান্ধ্য আইন বলৱৎ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায় বিজ্ঞানীগৰাকীয়ে।

Explosion in Baghjan oil field due to irresponsibility of oil authorities: Scientist Pradeep Kumar Saikia
অইল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে বাঘজানৰ তৈলখাদত বিস্ফোৰণঃবিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়া

By

Published : Jun 12, 2020, 8:59 PM IST

Updated : Jun 12, 2020, 9:40 PM IST

ডিব্ৰুগড়,12 জুনঃ অইল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে বাঘজানৰ তৈলখাদত বিস্ফোৰণ সংঘটিত হ'ল ৷ ৰাজ্যৰ সৰ্বত্ৰে এইয়ে লৈ চলি আছে বিভিন্ন প্ৰতিক্ৰিয়া ৷ এনে সময়তে অইল কৰ্তৃপক্ষক লৈ সৰৱ হৈ মুখ খুলিছে বিশ্বৰ সৰ্ববৃহৎ তৈল খনন সংস্থা আমেৰিকাৰ Halliburton Logging Service ৰ জ্যেষ্ঠ ভূ-বিজ্ঞানী, Schlumberger Oilfield Serviceৰ Principal Petrophysicist,ONGCGeoscientist,বিশ্বৰ বিভিন্ন তৈল খননৰ ক্ষেত্ৰত বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট প্ৰদীপ কুমাৰ শইকীয়াই ৷

অইল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই তৈলখাদত বিস্ফোৰণঃ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়া

এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই কয় যে,অইলৰ তৈলখাদৰ সমীপত পুনৰ জুই জ্বলি উঠাৰ সম্ভাৱনা আছে।কমেও ৫ /৬ মাহলৈকে বাঘজানৰ বিভিন্ন অংশত মাজে মাজে জুই জ্বলি উঠিব।ৰাসায়নিক ভাৱে যদি অইল কৰ্তৃপক্ষই আঁতৰাব নোৱাৰে তেন্তে পানী বা বৰষুণৰ পানীয়ে condensate উটুৱাই নিব নোৱাৰে।যাৰ পৰিপ্ৰেক্ষিতত পুনৰ জ্বলি উঠাৰ সম্ভাৱনা আছে।ইয়াৰ উপৰি সমগ্ৰ অঞ্চলটোত প্ৰায় দুই কিলোমিটাৰ পৰ্যন্ত ২/৩ মাহলৈকে কঠোৰ সান্ধ্য আইন বলৱৎ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায় বিজ্ঞানীগৰাকীয়ে। ইপিনে বিজ্ঞানীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তুলনাত অতি সাধাৰণ প্ৰেছাৰ যুক্ত তথা 4000 PSI যুক্ত খাদটোত কাৰোবাৰ ভুলৰ বাবেই যে এনে ঘটনা সংঘটিত হ'ল সেইয়া জানিবলৈ দি Wellৰ চিমেণ্ট প্লাগ কিয় আৰু কেনেকৈ নষ্ট হ'বলৈ পালে বুলিও প্ৰশ্ন কৰে।

অইল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই তৈলখাদত বিস্ফোৰণঃ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়া

উল্লেখযোগ্য যে,2005 চনতে বাঘজান তৈল ক্ষেত্ৰৰ খনন কাৰ্যত বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়া তৈলক্ষেত্ৰ খননৰ বৈজ্ঞানিক তথ্য সমূহ সংগ্ৰহ আৰু অধ্যয়ণৰ দায়িত্বত আছিল ৷ প্ৰথম বাৰৰ বাবে Nuclear magnetic resonance (NMR) নামৰ এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি বাঘজান তৈল ক্ষেত্ৰৰ তেল আৰু প্ৰাকৃতিক গেছৰ অৱস্থান তথা স্থিতি আৰু গুণসমূহ নিশ্চিত কৰা হৈছিল ৷ য'ত বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই নিজে তদাৰক কৰি তথ্য সংগ্ৰহ কৰাৰ লগতে বিভিন্ন তৈল ক্ষেত্ৰটোৰ সন্দৰ্ভত প্ৰতিবেদন দিছিল বুলি জানিব পৰা গৈছে ৷তেতিয়াই খাদটোত condensate আৰু সংযোজিত গেছ থকাৰ কথা উল্লেষখ কৰা হৈছিল কিন্তু সেই প্ৰতিবেদনক অইল কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে বিজ্ঞানী গৰাকীয়ে ৷ লগতে অইল কৰ্তৃপক্ষই বৰ্তমানেও বাঘজানত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাক Gas well বুলি কৈ ৰাইজক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্যৰ সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

আনহাতে, বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই জানিবলৈ দিয়া মতে, গেছ নিৰ্গমণ হৈ থকাৰ সময়তে তেওঁ অইল কৰ্তৃপক্ষক পৰামৰ্শ আগবঢ়াইছিল,কিন্তু তেওঁৰ পৰামৰ্শক আওকাণ কৰা হৈছিল ৷ ১৩-১৪ দিন পূৰ্বেই যদি সেই পৰামৰ্শ মানি অইল কৰ্তৃপক্ষ আগবাঢ়িল হয় তেনেহ'লে এনে পৰিস্থিতিৰ উদ্ভৱ নহয় বুলিও মন্তব্য কৰে বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই ৷

এতিয়া প্ৰশ্ন হয়, ক'ৰবাত কাৰোবাৰ অহমিকাৰ কুফল ভুগিলে নেকি বাঘজানবাসীয়ে ? অইলৰ দুজন বিষয়াক নিলম্বন কৰিয়েই বাঘজান বাসীৰ কৰুণ মৰ্মস্পৰ্শী বেদনাক ঢাকিব নেকি অইল কৰ্তৃপক্ষই?

লগতে পঢ়কঃ বাঘজানৰ তৈলখাদৰ উচিত তদন্তৰ দাবীৰে চিটুৰ প্ৰতিবাদ

Last Updated : Jun 12, 2020, 9:40 PM IST

ABOUT THE AUTHOR

...view details