মৰাণ, 8 জুনঃমনত প্ৰৱল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতাই কেতিয়াও হেঙাৰ সৃষ্টি কৰিব নোৱাৰে । তাকেই প্ৰমাণ কৰি দেখুৱালে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত নতুন বলাইৰ ছাত্ৰী মেৰীনা হাজৰিকাই । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬ বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ছাত্ৰী গৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ বলাই অঞ্চললৈ । অসমীয়াত ৮২,ইংৰাজীত ৮১,সাধাৰণ গণিতত ৮৪,সাধাৰণ বিজ্ঞানত ৮৪,সমাজ বিজ্ঞানত ৮৫ আৰু হিন্দীত ৮২ নম্বৰসহ মুঠ ৪৯৮ নম্বৰ লাভ কৰিছে মেৰীনাই ।
ভৃগুৰাম হাজৰিকা আৰু কবিতা হাজৰিকাৰ কন্যা মেৰীনাই খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । বলাই জনজাতি হাইস্কুলত অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে অনেক কষ্টৰে পঢ়া-শুনা কৰিছিল। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন ছাত্ৰীগৰাকীৰ । অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা এই ছাত্ৰীগৰাকীক ইতিমধ্যে ডিব্ৰুগড় জিলা ষ্টেটপুল শিক্ষক সমিতিৰ লগতে বিভিন্নজনে সম্বোৰ্ধনা জ্ঞাপন কৰিছে ।