মৰাণ, 10 অক্টোবৰ :সমাগত উপ নিৰ্বাচনৰ আটাইকেইখন আসনত বিজেপি দলে জয়লাভ কৰিব ৷ এই মন্তব্য নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ ৷ ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে এই কথা উল্লেখ কৰে ৷ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা গ্ৰাম্য মণ্ডলৰ আতিথ্যত চলাপথাৰ শ্যাম গাঁৱত শনিবাৰে চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় ।
কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি চলাপথাৰ শ্যাম গাঁও পৰিদৰ্শন কৰে চৰাইদেউ জিলা বিজেপিৰ প্ৰভাৰী তথা নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে । বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণস্থলী চৰাইদেউ জিলাৰ শ্যাম গাঁৱক ইতিমধ্যে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছে চৰকাৰে । শুকুৰবাৰে সন্ধিয়া চলাপথাৰ শ্যাম গাঁৱত উপস্থিত হৈ লাকুৱা গ্ৰাম্য মণ্ডলৰ বুথ সদস্য দ্বীপেন বৰগোহাঁইৰ বাসগৃহত নিশাটো কটাই শনিবাৰে পুৱাই গাঁওখনৰ মুখ্য আকৰ্ষণস্থলী বৌদ্ধ বিহাৰ পৰিদৰ্শন কৰে বিধায়ক তৰংগ গগৈয়ে ৷
বৌদ্ধ বিহাৰ পৰিদৰ্শন কৰাৰ পাছত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লয় বিধায়কগৰাকীয়ে । আনহাতে সভাত অংশগ্ৰহণ কৰি কেবিনেট মন্ত্ৰী তথা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে চৰকাৰখনক ৰাইজৰ ওচৰলৈ নিয়াত বিজেপি দলে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে ৷