অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত আবকাৰী বিভাগৰ অভিযান - অবৈধ সুৰাৰ ব্যৱসায়

ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত আবকাৰী বিভাগৰ অভিযান ৷ জব্দ হৈছে বৃহৎ পৰিমাণৰ চুলাইৰ লগতে বিদেশী সুৰা ৷

Excise department's search operation
Excise department's search operation

By

Published : Nov 4, 2020, 9:31 AM IST

মৰাণ, 4 নবেম্বৰ : অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ডিব্ৰুগড়ৰ আবকাৰী বিভাগে । শাৰদীয় দুৰ্গা পূজাৰ সময়ত জিলাখনত ড্ৰাই দে’ ঘোষণা কৰে আবকাৰী বিভাগে ৷ চাহবাগান , গ্ৰাম্যাঞ্চল, বজাৰ অঞ্চলৰ সকলোতে আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বহু পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ।

আবকাৰী বিভাগৰ অভিযান

জিলাখনৰ আবকাৰী বিভাগে মঙলবাৰে ৰাতি বগীবিল দলং, বৰবৰুৱা আদি বিভিন্ন ঠাইৰ এলেকাত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই ৫০ লিটাৰ চুলাই মদ আৰু ৭ লিটাৰ বিদেশী সুৰাৰ লগতে কেইবা বটল বীয়েৰ জব্দ কৰে ৷

ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত আবকাৰী বিভাগৰ অভিযান

আবকাৰী দলটোৱে বহু কেইখন গাড়ীত তালাচী চলাই সুৰা জব্দ কৰা বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত এই অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি আবকাৰী বিষয়াই জানিবলৈ দিয়ে ।

লগতে পঢ়ক :চোকা অস্ত্ৰৰে ঘপিয়াই মাতৃক হত্যা কৰিলে পুত্ৰই

ABOUT THE AUTHOR

...view details