ডিব্ৰুগড়,১৯ অক্টোবৰ:শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটিমান ঘন্টা বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ডিব্ৰুগড় চহৰতো দেখিবলৈ পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ-উদ্দীপনা । জিলাখনৰ প্ৰতিখন পূজা কমিটীয়েই দুৰ্গা পূজা উপলক্ষে সম্প্ৰতি ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে । ডিব্ৰুগড় জিলাখনত ৮০ খনৰো অধিক দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ লোৱাত ভক্তক আকৰ্ষণ কৰিবলৈ বিভিন্ন ৰূপত নিৰ্মাণ কৰা হৈছে আকৰ্ষণীয় পূজা মণ্ডপসমূহ ।
প্ৰতিবছৰৰ দৰে এইবাৰো ডিব্ৰুগড় চহৰৰ মাস্তাপাৰা পূজা কমিটীয়ে গ্ৰাম্য অঞ্চলৰ চহা জীৱনৰ লগত জড়িত কৃষকৰ এখন প্ৰতিচ্ছবিৰে এক ব্যতিক্ৰমী ৰূপত মণ্ডপ নিৰ্মাণ কৰি উলিয়াইছে । ৬৬ বছৰত ভৰি দিয়া পূজাখনে প্ৰত্যেক বছৰতে ন ন ৰূপত মণ্ডপ নিৰ্মাণ কৰি চমক সৃষ্টি কৰি আহিছে । গ্ৰাম্য জীৱন আৰু কৃষকৰ সামগ্ৰীৰ লগত বহুসংখ্যক লোক আজিও পৰিচিত নহয় । বিশেষকৈ নতুন প্ৰজন্ম । সেয়ে গ্ৰাম্য তথা এক চহা জীৱনক নতুন প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ বাবে চেষ্টা চলাইছে পূজা কমিটীখনে ।