মৰাণ, ১৭ জুলাই: আলফা স্বাধীন আৰু চৰকাৰৰ মাজত আলোচনাৰ বিষয়টো কোনো ধৰণৰ আগনবঢ়াৰ পাছতে ৰাজ্যত পুনৰ আলফাই আৰম্ভ কৰিছে সাংগঠনিক কাম কাজ । উজনিত সদস্য ভৰ্তিৰ লগতে ব্যাপক ধন সংগ্ৰহত ব্যস্ত হৈ পৰিছে আলফা স্বাধীন । ইয়াৰ মাজতে দেওবাৰে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰিলে প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে । চৌকিডিঙ্গিৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদমেলত অৰুণাচলত নাটকীয়ভাৱে গ্ৰেপ্তাৰ হোৱা আলফাৰ (স্বা) সদস্য সকলক আত্মসমৰ্পণৰ সুযোগ প্ৰদান কৰিবলৈ দাবী জনাইছে ।
আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে আসাম ৰাইফলছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয়, ''বিভিন্ন কাৰণত আত্মসমৰ্পণ কৰিবলৈ অহা আলফাৰ সদস্য সকলক আসাম ৰাইফলছে নিজৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ গ্ৰেপ্তাৰ কৰা বুলি দেখুৱাই। যাৰ ফলত এতিয়া আইনী যুঁজ দিবলৈ গৈ আলফাৰ সদস্যই নিজৰ মাটি সম্পত্তি বিক্ৰী কৰিব লগা হৈছে ।" আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে লগতে প্ৰাক্তন আলফা (স্বা)ৰ বিৰুদ্ধে চলি থকা গোচৰসমূহ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক দাবী জনাইছে ।