মৰাণ, 28 জুন : চেপন আৰক্ষী চকীৰ অধীনস্থ নিজ খালৈঘোগুৰাৰ বৰবাম (দেওধাই) গাঁৱৰ বাসিন্দা তথা বিতৰ্কিত প্ৰাক্তন আলফা নেতা 52 বছৰীয়া বলীন বৰুৱাক দেওবাৰে নিশা পুনৰ সেনা বাহিনীয়ে নিজ গৃহৰ পৰা আটক কৰিছে । কেইবছৰমানৰ পূৰ্বে চেপনত বোমা আৰু সোণাৰিৰ টিয়কঘাটত গ্ৰেনেড বিস্ফোৰণ ঘটোৱাৰ উপৰিও একাধিক অপৰাধমূলক কাম কাজত জড়িত হৈ থকাৰ অভিযোগত অভিযুক্ত হৈ আঠবাৰ কৈ কাৰাবাস খাটিছিল বৰুৱাই ৷ প্ৰাক্তন আলফা নেতা গৰাকীক প্ৰায় এবছৰৰ পূৰ্বে ঘৰৰ সমীপতে এজন নিপৰাধী যুৱকক গৰু চোৰ বুলি মাৰপিট কৰাৰ অপৰাধত আটক কৰা বুলি নিৰাপত্তাৰক্ষীয়ে প্ৰকাশ কৰিছে ৷
সেনাই আটক কৰিলে প্ৰাক্তন আলফা নেতা বলীন বৰুৱাক
কেইবছৰমানৰ পূৰ্বে চেপনত বোমা আৰু সোণাৰিৰ টিয়কঘাটত গ্ৰেনেড বিস্ফোৰণ ঘটোৱা কাৰ্যৰ অভিযুক্ত চেপনৰ প্ৰাক্তন আলফা নেতা 52 বছৰীয়া বলীন বৰুৱাক দেওবাৰে নিশা পুনৰ সেনা বাহিনীয়ে আটক কৰিছে ৷
সেনাই আটক কৰিলে প্ৰাক্তন আলফা নেতা বলীন বৰুৱাক
কিন্তু, এক বিশেষ সূত্ৰই এই ঘটনাৰ লগত আন বিশেষ কাৰণ সন্নিবিষ্ট হৈ আছে বুলি প্ৰকাশ কৰিছে । সম্প্ৰতি সেনা বাহিনীয়ে চেপন আৰক্ষীৰ হাতত গতাই দিছে প্ৰাক্তন আলফা নেতা গৰাকীক ৷
লগতে পঢ়ক:বৰপেটাৰ বাঘবৰত কেকোসাপ সহ এজনক আটক