মৰাণ, 31 ডিচেম্বৰ :সদৌ অসম সোণোৱাল-কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা 'কা' বিৰোধী ঐক্য মঞ্চ মৰাণৰ সভাপতি দীপক শইকীয়াই যোগদান কৰিলে ৰাইজৰ দলত ৷ ৰাইজৰ দলত যোগদান কৰিয়েই মুখ্যমন্ত্ৰী সোণোৱালক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে ৷
তেওঁ কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া অসমৰ বাবে আনন্দ হৈ থকা নাই । দিল্লীৰ ওচৰত মূৰ দোৱালে সোণোৱালে ৷ তেওঁ জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ যি শ্ল'গান দিছিল সেই ক্ষেত্ৰত ব্যৰ্থ হৈছে ৷