টিংখাং, 23 নৱেম্বৰ: দীৰ্ঘদিনৰ বিৰতিৰ পাছত পুনৰ সক্ৰিয় ৰাজনীতিলৈ আহিছে টিংখাঙৰ প্ৰাক্তন বিধায়ক তথা এসময়ত অসম গণ পৰিষদ দলৰ জেষ্ঠ নেতা অনুপ ফুকন ৷ বিগত 2016 বৰ্ষৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰি দলৰ পৰা আঁতৰি আহিছিল অগপৰ প্ৰাক্তন বিধায়ক তথা অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গৰাকী ৷ তেতিয়াৰে পৰা বিগত পাঁচটা বছৰে নিজৰ স্থিতিত অটল থকাৰ পাছত শেহতীয়াকৈ পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘুৰি আহিছে অনুপ ফুকন ৷
অসম জাতীয় পৰিষদত যোগদান প্ৰাক্তন বিধায়ক অনুপ ফুকনৰ - Ex MLA Anup Phukan joined AJP
বিগত 2016 বৰ্ষৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰি দলৰ পৰা আঁতৰি আহিছিল অগপৰ প্ৰাক্তন বিধায়ক তথা অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গৰাকী ৷
অসম জাতীয় পৰিষদত যোগদান প্ৰাক্তন বিধায়ক অনুপ ফুকনৰ
জাতীয় চিন্তা চেতনাৰে নতুনকৈ গঠন হোৱা আঞ্চলিক দল "অসম জাতীয় পৰিষদ"ত যোগদান কৰিছে প্ৰাক্তন বিধায়ক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে ৷ দলটোত যোগদান কৰিয়েই ৰাজ্যিক আহ্বায়কৰ দায়িত্ব লাভ কৰি দলটোক আগুৱাই নিয়াৰ লগতে সাম্প্ৰদায়িক তথা স্বেচ্ছাচাৰী শক্তিৰ বিৰুদ্ধে সদায় মাত মাতি যাব বুলি দাবী কৰে অগপৰ প্ৰাক্তন বিধায়ক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে ৷
লগতে পঢ়কঃকঠীয়াতলিত বিভিন্ন পৰিষদীয় দাবীৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ