অসম

assam

By

Published : Jun 12, 2021, 1:20 PM IST

ETV Bharat / state

টিংখাং ব্লক কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

মূল্যবৃদ্ধি ৰোধৰ বাবে গৰজি উঠিছে প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা ৷ মূল্যবৃদ্ধিয়ে দৰিদ্ৰ জনতাক জুৰুলা কৰি পেলাইছে ৷ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ পাচতেই ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰেও সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত । এইদৰে মন্তব্য কৰিছে প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাই ৷

টিংখাং ব্লক কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
টিংখাং ব্লক কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

মৰাণ,12 জুন : মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যবাসীক ৷ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰ’ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য । এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা ৷

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাচতেই ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত- এই মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডাই ৷ বিজেপি চৰকাৰে কৰ'ণা মহামাৰীৰ অজুহাত লৈ মূল্যবৃদ্ধি কৰিছে । কৰ'ণাই ৰাইজক জুৰুলা কৰাৰ দৰে মূল্যবৃদ্ধিয়েও ৰাইজক জ্বলা-কলা খুৱাইছে বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

ইফালে মূল্যবৃদ্ধি ৰোধৰ দাবীত শুকুৰবাৰে টিংখাঙৰ ৰাজগড়ত টিংখাং ব্লক কংগ্ৰেছৰ উদ্যোগত ৰাজগড় তেল ডিপোৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই প্ৰতিবাদস্থলীতে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠে প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা ৷

লগতে পঢ়ক:প্ৰদ্যুৎ বৰদলৈ হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি

ABOUT THE AUTHOR

...view details