মৰাণ, 18 মে’: নিৰ্বাচনৰ ফলাফলৰ পাচত পোন প্ৰথমবাৰৰ বাবে সোমবাৰে গৃহ চহৰ চাবুৱাৰ বিন্ধাকটাস্থিত মুলুক গাঁৱৰ আপোন ঘৰখনত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী ৰূপত নহয় এজন সাধাৰণ বিধায়ক হিচাপে বাসগৃহত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল ।
পূৰ্বৰ দৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আজি আগে-পিছে নাই কোনো দীঘলীয়া এছক’ৰ্ট অথবা নাই কোনো নিৰাপত্তাবাহিনীৰ দীঘলীয়া শাৰী । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত হোৱাৰ লগে লগে গাওঁবাসীৰ লগতে অনেক গুণমুগ্ধই সোণোৱালৰ ঘৰত ভিৰ কৰেহি । সকলোৱে সম্ভাষণ জনাই তেওঁলোকৰ মৰমৰ কুকৈক । এজন সাধাৰণ ব্যক্তিৰূপে তেওঁলোকৰ মৰমৰ কুকৈয়েও সকলোৰে লগত কথা-বতৰা পাতে ৷ গাঁৱৰ এজন ব্যক্তি হৈ গাওঁবাসীৰ মনৰ কথা বুজ লয় ।
উল্লেখ্য যে, সৰ্বানন্দ সোণোৱালে বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃৰ সমাধিত বন্তি প্ৰজ্বলন কৰি সেৱা কৰাৰ লগতে পৰিয়ালৰ লগত মিলিত হয় । আনহাতে "আমি কোনো লোভ নাৰাখো ভাইটিয়ে সততা ৰাখি কাম কৰি যাওঁক, ঈশ্বৰৰ আৰ্শীবাদ আৰু আই-পিতাইৰ আৰ্শীবাদ লৈ আগবাঢ়ি যাওঁক" বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃয়ে ।