অসম

assam

By

Published : Jun 30, 2021, 1:45 PM IST

ETV Bharat / state

ডিব্ৰুগড়ৰ পৰাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়ত ভাৰ্চুৱেলি অনুষ্ঠিত হ’ল বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি কৰিলে মাৰ্গ দৰ্শন ৷

ডিব্ৰুগড়ৰৰ পৰাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ
ডিব্ৰুগড়ৰৰ পৰাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়, 30 জুন : ডিব্ৰুগড় ‘হোটেল টি কাউন্টি‘ত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক (bjp state executive) সভাত ভাগ ল'লে প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbanada Sonowal)। শেহতীয়াকৈ দিল্লীৰ পৰা কেন্দ্ৰীয় নেতৃত্ব তথা বিজেপিৰ সভাপতি জে পি নাড্ডা (JP Nadda) , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) লগতে অমিত শ্বাহ (Amit Shah)ৰ সৈতে সাক্ষাতৰ পাছতে অসমলৈ উভতি আহি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (sarbannda sonwal) ৷ বিগত বহু কেইটা দিনৰে পৰা ডিব্ৰুগড় চহৰৰ লগতে মুলুক গাঁৱৰ নিজ গৃহত দিন পাৰ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে এই দিন কেইটাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ইতিমধ্যে ডিব্ৰুগড়ত লগ কৰিছেহি বহু জ্যেষ্ঠ কনিষ্ঠ নেতাই । অনুস্থিত হৈছে এখনৰ পাছত আন এখন বৈঠক । য'ত ভাগ লৈছে ডিব্ৰুগড় জিলা বিজেপিৰ দলীয়ে কৰ্মীসকলে । পূৰ্বৰ দৰেই দেখা গৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিশাল কনভয় ।

ডিব্ৰুগড়ৰৰ পৰাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

মঙলবাৰে ডিব্ৰুগড় চহৰৰ ‘হোটেল টি কাউন্টি’ত ভাৰতীয় জনতা পাৰ্টীৰ (BJP) অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত পূৰ্বৰ দৰেই বিশাল কনভয়ৰ মাজেদি আহি উপস্থিত হয় সৰ্বানন্দ সোণোৱাল (Sarbanada Sonowal) । সোণোৱালক সংগ দিয়ে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ (Taranga Gogoi), লাহোৱালৰ বিনোদ হাজৰিকা (Binod Hazarika) আদিকে কৰি দলৰ ভিন্ন পদবী বহুকেইজন নেতাই ।

দিনযোৰা এই কেন্দ্ৰীয় কাৰ্য্যবাহকত ক’ভিড পৰিস্থিতি লগতে দলৰ নানা আভ্যন্তৰীণ দিশসমূহ আলোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিতিত দলীয় কৰ্মী সকলে । উল্লেখযোগ্য যে, যে নৱ নিৰ্বাচিত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Bhabesh Kalita)ই আজি দ্বায়িত্বভাৰ লোৱাৰ পাচতেই প্ৰথমখন বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক অনুষ্ঠিত হয় । ক’ভিড প্ৰ’টকলৰ বাবে ভাৰ্চুৱেলি কাৰ্যনিৰ্বাহক সভাখন প্ৰত্যেক জিলাই জিলাই অনুষ্ঠিত কৰাৰ নিৰ্দেশ আহিছিল । সেই অনুসৰি ডিব্ৰুগড়ত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক অংশ গ্ৰহণ কৰি মাৰ্গ দৰ্শন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbanada Sonowal) । ইফালে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দিল্লীৰ পৰা মাৰ্গ দৰ্শন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (JP Nadda) ।

লগতে দিল্লীৰ পৰা উপস্থিত থাকে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দীলিপ কুমাৰ শইকীয়া (Dilip Saikia) । সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameshwar Teli), সাংসদ কামাখ্যা প্ৰসাদ তাছা (Kamakhya Prasad Tasa)ৰ লগতে বহু কেন্দ্ৰীয় নেতৃত্ব । একেদৰে এই সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলৰ কাৰ্যকৰ্তা, দল চৰকাৰ সকলোৰে মিলিত প্ৰচেষ্টাৰে অসমক ভাৰতৰ বুকুত আগবঢ়াৰ প্ৰতিশ্ৰুতি লৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

দলৰ আন্ত:গাঁঠনি দৃঢ় কৰা, আঁচনি সমূহ ৰাইজৰ মাজত লৈ যোৱাৰ ওপৰত গুৰুত্ব দিয়ে । আনহাতে আগন্তুক ডিচেম্বৰৰ ভিতৰত অসমৰ সকলো জনসাধাৰণক ক’ভিড প্ৰতিষেধক প্ৰদান সম্পন্ন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । সম্বন্বয় ভাতৃত্ববোধেৰে অসমৰ ৰাইজক বিগত পাঁচ বছৰে নেতৃত্ব দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নীতি আদৰ্শৰেই আগন্তুক পাঁচ বছৰ অসমৰ সেৱাত বৰ্তি হোৱাৰো প্ৰতিশ্ৰুতি দিয়ে হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়কঃSI কেলংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণৰ স্বাস্থ্যৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details