অসম

assam

ETV Bharat / state

Eviction drive in Dibrugarh:ডিব্ৰুগড়ত নিশাৰ ভাগলৈকে চলিল উচ্ছেদ অভিযান - অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতেই ডিব্ৰুগড়ত নিশাৰ ভাগলৈকে চলিল উচ্ছেদ অভিযান ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচত থৰকাছুটি হেৰুৱালে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷ পুৱতি নিশালৈকে ৰাজপথত অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অভিযানত নামিল প্ৰশাসন ।

Eviction drive in dibrugarh till midnight
উচ্ছেদ অভিযানত নামিল প্ৰশাসন

By

Published : Jun 12, 2023, 2:03 PM IST

উচ্ছেদ অভিযানত নামিল প্ৰশাসন

ডিব্ৰুগড়, 12 জুন :গুৱাহাটীৰ পাচতেই ডিব্ৰুগড়ৰ ৰাইজে ৰাজপথৰ যান-বাহনক লৈ জ্বলাকলা খাই আহিছিল । ইয়াৰ মূল কাৰণ আছিল ৰাজপথৰ ওপৰত থকা অবৈধ ব্যৱসায় প্ৰতিষ্ঠানসমূহ আৰু বিভিন্ন কোম্পানীৰ লেহেমীয়া নিৰ্মাণ কাৰ্য । শেহতীয়াকৈ গুৱাহাটী আৰু ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ বাবেই এগৰাকী ছাত্ৰী আৰু এজন ব্যক্তিৰ মৃত্যুৰ পাচতেই কঠোৰ হৈছিল মুখ্যমন্ত্ৰী ।

ইয়াৰ পাচতেই দেওবাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ উপায়ুক্ত সকলক লৈ মুখ্যমন্ত্রী বৈঠকত মিলিত হৈছিল । এই বৈঠকতে ডিব্ৰুগড় জিলা উপায়ুক্তক জবাবদিহি কৰিছিল মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পাচতেই থৰকাছুটি হেৰুৱালে ডিব্ৰুগড় জিলা প্ৰশাসনে । সৰ্বসাধাৰণ ৰাইজ, সচেতন মহলে বাৰম্বাৰ অভিযোগ দিয়াৰ পাচতো পথৰ কাষৰ অবৈধ দখল উচ্ছেদ কৰোৱাব নোৱাৰা ডিব্ৰুগড় জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত বিশ্বজিত পেগুক জবাবদিহি কৰাৰ পাছতে কালি সন্ধিয়াৰ পৰা পুৱতি নিশা ভাগলৈকে এক্সনত নামিল ডিব্ৰুগড় জিলা প্ৰশাসন ।

আৰক্ষী, যান-বাহন নিয়ন্ত্রণ শাখাৰ আৰক্ষী, দণ্ডাধীশ, পৌৰ সভাৰ ভালেকেইজন ৱাৰ্ড মেম্বাৰ, জে চি বি, এক্সেভেটৰ, নিৰাপত্তাৰক্ষী সহ ডিব্ৰুগড় চহৰৰ ঠায়ে ঠায়ে চলাইছে উচ্ছেদ অভিযান । ৰাজপথৰ কাষতে পেলাই ৰখা শিল-বালি, পুৰণি বাহন ইত্যাদিত জিলা প্ৰশাসনে চলালে উচ্ছেদ । আগন্তুক দিনকেইটাত আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে এই উচ্ছেদ অভিযান ।

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত পথৰ কাষে কাষে জল জীৱন মিছনৰ উন্মুক্ত গাঁত সমূহ খান্দি থোৱাৰ বাবে প্ৰায়ে দুৰ্ঘটনা হৈ থকাৰ মাজতে দুটা দিনৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হৈ আব্দুল ৰহিম নামৰ এজনৰ যুৱকৰ কৰুণ মৃত্যু হৈছিল । আনহাতে শনিবাৰে সন্ধিয়াৰ ভাগত সাংবাদিক ধনটি শইকীয়াই বাতৰি সংগ্ৰহ কৰি নিজ গৃহলৈ আহি থাকোতে পথৰ কাষত থকা গাঁতত মটৰ চাইকেলৰ সৈতে সোমাই পৰাত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক :Varanasi G20 summit : ভিডিঅ’ মেছেজৰ জৰিয়তে বাৰাণসীৰ জি-২০ সন্মিলনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ABOUT THE AUTHOR

...view details