অসম

assam

By

Published : Jun 21, 2021, 7:46 PM IST

Updated : Jun 22, 2021, 7:41 AM IST

ETV Bharat / state

'কাঞ্চন জংঘা' নৌকা ৰেষ্টুৰেন্টৰ কাষৰ পৰ্যটন স্থলীত ৰেলৱেৰ শেন চকু

ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত গঢ়ি উঠা পৰ্যটন স্থলীত শেন চকু পৰিছে ৰেলৱে বিভাগৰ ৷ বগীবিল দলঙৰ সমীপত গঢ়ি উঠা তথা উজনি অসমৰ অন্যতম পৰ্যটন ক্ষেত্ৰ "কাঞ্চন জংঘা" ওপঙা ৰেষ্টুৰেণ্টৰ সমীপৰ পৰ্যটন স্থলীত উচ্ছেদ ৰেলৱে বিভাগৰ ৷

eviction-at-kanchanjangha-floating-resturant-by-railway-department
"কাঞ্চন জংঘা" ওপঙা ৰেষ্টুৰেণ্টত ৰেলৱেৰ হাতোৰা

ডিব্ৰুগড়, 21 জুন : ক'ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ বাবে সকলো ব্যৱসায় বাণিজ্য বন্ধ হৈ পৰাত ৰাজ্যৰ ব্যৱসায়ী সকলৰ মাজত সৃষ্টি হৈছে পানীত হাঁহ নচৰা অৱস্থাৰ ৷ ইয়ায় মাজতে ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত গঢ়ি উঠা পৰ্যটন স্থলীত শেন চকু পৰিছে ৰেলৱে বিভাগৰ ৷ ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত গঢ়ি উঠা তথা উজনি অসমৰ লগতে সমগ্ৰ ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন দিগন্ত সূচনা কৰা পৰ্যটন স্থলী "কাঞ্চন জংঘা" নামৰ ফ্লটিং ৰেষ্টুৰেণ্টৰ সমীপৰ পৰ্যটন স্থলীৰ বিৰুদ্ধে হঠাৎ সৰৱ হৈ পৰিছে ৰেলৱে বিভাগ ৷ ৰেষ্টুৰেণ্ট খনলৈ উচ্ছেদৰ জাননী জাৰি কৰিছে ৰেল বিভাগে ৷

"কাঞ্চন জংঘা" ৰেষ্টুৰেণ্ট

উল্লেখ্য যে, বছৰ বছৰ ধৰি পৰিত্যক্ত তথা ব্যৱহাৰৰ অনুপযোগী হৈ পৰি ৰৈছিল ব্ৰহ্মপুত্ৰৰ এই বালিচৰটো ৷ কিন্তু বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পাচতেই সূদূৰ চীনত কৰ্মৰত উদ্যমী অসমীয়া যুৱক গৌতম বৰদলৈয়ে উক্ত স্থানত "কাঞ্চন জংঘা" নামৰ এখন ফ্ল’টিং ৰেষ্টুৰেণ্ট মুকলি কৰি এক বিপ্লৱৰ সূচনা কৰিছিল ৷ শুকান বালিচৰত সুন্দৰ আৰ্হিত গছ-গছনি ৰোপন কৰি,পথৰ দাঁতিত ৰং সানি, ছবি আঁকি, বাঁহৰ সৰু সৰু কোটেজ ইত্যাদি সাজি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰলৈ পৰিণত কৰিছিল ঠাইডোখৰ ৷ আনকি ক'ভিড মহামাৰীৰ সময়তে প্ৰায় অৰ্ধ শতাধিক নিবনুৱাক নিযুক্তি দিবলৈও সক্ষম হৈছিল গৌতম বৰদলৈ ৷

কাঞ্চন জংঘা ৰেষ্টুৰেণ্টত দৰ্শনাৰ্থী

গৌতম বৰদলৈয়ে জনোৱা মতে, এই ঠাইখিনিক পৰ্যটন স্থলীলৈ ৰূপান্তৰ কৰোতে 40 লাখৰো অধিক টকা ব্যয় হৈছে ৷ কিন্তু কোনো কালেই এই শুকান মৰুময় ঠাইত এনে এক বিপ্লৱ আনি অসমৰ নদী পৰ্যটনক প্ৰাণময় কৰিব পৰা যাব বুলি ভাবিব নোৱাৰা এটা কথাক বাস্তৱ ৰূপ দিয়া এই গৰাকী অসমীয়াৰ ওপৰতেই এতিয়া শেন চকু ৰেলৱেৰ ৷ ইতিমধ্যে এই পৰ্যটন স্থলীত উচ্ছেদ চলাইছে ৰে'লৱে বিভাগে ৷

লুইতৰ বুকুৰ "কাঞ্চন জংঘা" ৰেষ্টুৰেণ্টত ৰেলৱেৰ হাতোৰা

ৰে'ল বিভাগৰ এনে কাৰ্যত স্বাভাৱিকতেই অগ্নিশৰ্মা হৈ চ’ছিয়েল মিডিয়াকে আদি কৰি বিভিন্ন মাধ্যমত মুখ্যমন্ত্ৰী, পৰ্যটন বিভাগ আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰীক ৰেলৱেৰ এই কাৰ্যৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছে গৌতম বৰদলৈৰ অনুৰাগী সকলে ৷ লগতে নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গেকো এই বিষয়ে মুখ্যমন্ত্ৰীৰ সতে আলোচনা কৰাৰ আহ্বান জনাইছে একাংশ সচেতন লোকে ৷

নিশা লুইতৰ বুকুৰ "কাঞ্চন জংঘা"

উল্লেখ যে, গৌতম বৰদলৈয়ে ব্ৰহ্মপুত্ৰৰ পাৰত গঢ় দিয়া এই নদী পৰ্যটন স্থলীক টুইটাৰ যোগে শলাগ জনাইছিল কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলে ৷ কিন্তু ইমানৰ পাছতো হঠাৎ ৰেল বিভাগৰ এই কাৰ্যত মানসিকভাৱে ভাগি পৰিছে গৌতম বৰদলৈ ৷ মন কৰিবলগীয়া যে, ক'ভিড পৰিস্থিতিৰ পাছতে চীনৰ পৰা স্ব-গৃহলৈ ঘুৰি অহা গৌতম বৰদলৈয়ে ইতিমধ্যে ডিব্ৰুগড়ৰ বৈৰাগীমঠত নিজৰ সাচতীয়া ধনেৰে হংকঙৰ আৰ্হিত পথ নিৰ্মাণ কৰি চৰ্চিত হোৱাৰ লগতে যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামটো পথ নিৰ্মাণ কৰিছিল ৷

লগতে পঢ়কঃগেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

Last Updated : Jun 22, 2021, 7:41 AM IST

ABOUT THE AUTHOR

...view details