মৰাণ, 12 এপ্ৰিলঃ অৱশেষত খোৱাং চেৰেপাখাটিৰ দৰিদ্ৰ লোক সকলৰ কাষলৈয়ো আহিল সাহাৰ্য । লক ডাউনৰ ফলত গাঁওখনৰ দৰিদ্ৰ লোকৰ মাজত দেখা দিছিল খাদ্য সংকটে । অনাহাৰে দিন কটাবলগীয়া হৈছিল বহুকেইটা পৰিয়ালে । এই সন্দৰ্ভত শুকুৰবাৰে ইটিভি ভাৰতত এক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে দেওবাৰে গাঁওখনলৈ খাদ্য সামগ্ৰী লৈ আগমন ঘটে বহু লোকৰ । মৰাণৰ হেলাগাঁৱৰ নিৱাসী, মৰাণ মহিলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰপ্ৰবক্তা মুচফিকা বেগমআৰু তেওঁৰ স্বামীনৱাজ খানে খোৱাং চেৰেপাখাটি গাঁওখনৰ ৬০ টা দৰিদ্ৰ পৰিয়ালক চাউল, তেল, পিয়াঁজ, চাবোনকে ধৰি কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে ।
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ চেৰেপাখাটিৰ দৰিদ্ৰ লোক সকললৈও আহিল সাহাৰ্য - ময়ুৰ বৰুৱা
ইটিভি ভাৰতত এক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে দেওবাৰে খোৱাং চেৰেপাখাটিৰ দৰিদ্ৰ লোক সকলৰ মাজত সাহাৰ্য বিতৰণ কৰিলে কেইবাগৰাকীও লোকে ।
etv news impact: relief to the poor people of khowang
আনহাতে একেদিনাই গাঁওবাসীক সহায়ৰ বাবে আগবাঢ়ি আহিল মৰাণ ব্যৱসায়ী সন্থাও । গাঁওখনৰ অতি দৰিদ্ৰ শ্ৰেণীৰ ৬০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে সন্থাটোৱে । সন্থাৰ সভাপতি ময়ুৰ বৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে ঘৰে ঘৰে গৈ সাহাৰ্য বিতৰণ কৰে পৰিয়াল সমূহক । জানিব পৰা মতে, এই পৰ্যন্ত এই লোকসকলৰ অৱস্থা সম্পৰ্কে খবৰ লোৱা নাই স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে ।
লগতে পঢ়কঃলক ডাউনঃ খাদ্য সংকটে দেখা দিছে খোৱাঙৰ বৃহত্তৰ অঞ্চলত
Last Updated : Apr 12, 2020, 2:55 PM IST