ডিব্ৰুগড়, 10 মে': শনিবাৰে ইটিভি ভাৰতত সম্প্ৰচাৰিত এক বাতৰিৰ পিচতে দেওবাৰে, ডিব্ৰুগড়ৰ জানমনিক এধানি সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিল এগৰাকী হৃদয়বান ব্যক্তি । জানমনিৰ কঠোৰ পৰিশ্ৰমৰ বাতৰি দেখি যুৱতীগৰাকীৰ আধৰুৱা শিক্ষা জীৱন সম্পূৰ্ণ কৰাবলৈ আগবাঢ়ি আহিছে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ড৹ শশীকান্ত শাইকীয়া । অধ্যক্ষ গৰাকী সাজু জানমনিৰ পৰৱৰ্তী শিক্ষাৰ ব্যয় বহন কৰিবলৈ ।
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ জানমনিলৈ সহায়ৰ হাত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ - etv news impact
ডিব্ৰুগড়ৰ জানমনিক এধানি সহায়ৰ বাবে আগবাঢ়ি আহিল ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ড৹ শশীকান্ত শাইকীয়া ।
![ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ জানমনিলৈ সহায়ৰ হাত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ etv news impact: principal of kanoi college halped janmoni](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7140994-thumbnail-3x2-kk.jpg)
etv news impact: principal of kanoi college halped janmoni
জানমনিক সহায়ৰ বাবে আগবাঢ়ি আহিল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ
ইয়াৰোপৰি জানমনিৰ জীৱন সংগ্ৰামৰ বাতৰি ইটিভি ভাৰতযোগে সম্প্ৰচাৰ হোৱাৰ পিচত কিশোৰী গৰাকীক বিভিন্ন প্ৰেৰণাৰে উৎসাহিত কৰিছে ভিন্নজনে । উল্লেখ্য যে, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে জানমনিক শিক্ষাৰ লগতে আৰ্থিকভাৱেও সহায় কৰিব বুলি উল্লেখ কৰিছে ।